মৰাণ,17 জুলাই : ৰাজ্য চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কৈ থকা সময়ত খোদ সাংসদ তপন কুমাৰ গগৈৰ (Tapan Gogoi) গৃহ সমষ্টিত ঠায়ে ঠায়ে সৃষ্টি হৈছে ভয়ানক গৰাখহনীয়া । চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ (Sonari Constituency) অন্তৰ্গত সাপেখাতিৰ এটা অতি গুৰুত্বপূৰ্ণ পথ এতিয়া গৰাখহনীয়াৰ কৱলত। সম্প্ৰতি সাপেখাতিৰ চটিয়নাগুৰিৰপৰা ঐতিহাসিক নেফা আলি সংযোগী পথটো নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে ।
টিমন নৈৰ গৰাখহনীয়াৰ কৱলত পৰি পথটো এতিয়া নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । চটিয়নাগুৰি, টাইৰাই, টিয়কহাবিকে ধৰি কেইবাখনো গাঁও সংলগ্ন পথটো কিছু বছৰৰপৰা টিমন নৈৰ গৰাখহনীয়াত জাহ যোৱাত মাত্ৰ পথটোৰ আধা অংশহে বাকী আছে খহনীয়াৰ কৱলত পৰিবলৈ । ইফালে প্ৰতি বছৰে গৰাখহনীয়া ৰোধৰ নামত সীমিত পৰিমাণৰ শিল পেলায়েই দায়িত্ব সামৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধ ৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ৷ প্ৰতি বছৰেই গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত পথটো নৈখনত জাহযোৱাৰ উপক্ৰম হৈছে ।
আনহাতে, খহনীয়াৰ ফলত এতিয়া নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰা পথটোত খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে। চৰাইদেউ জিলাৰ বিভিন্ন ঠাইৰ লগতে সোনাৰি সমষ্টিত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সাংসদ তপন কুমাৰ গগৈয়ে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত গৃহ সমষ্টিতে সাংসদ জনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে সাধাৰণ ৰাইজ । শীঘ্ৰেই পথটো মেৰামতি কৰি দিয়াৰ লগতে খহনীয়া কৱলৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়ক-বাজেট 2021-22: ৰঙিয়াৰ এপ'ল মিলৰ কৰ্মচাৰীলৈ ভাল খবৰ