ETV Bharat / city

বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক - পঞ্চায়ত আঁচনিৰ সুবিধা

মন কৰক ভাঙি ওৱলি যোৱা গৃহটোলৈ । বেৰবোৰ পঁচা,ইতিমধ্যেই ভাঙি বৃহৎ অংশ নাইকিয়া হৈছে,টিনপান কৰবাত আছে কৰবাত মামৰে ধৰি নাইকিয়া হ'ব ধৰিছে,বিদ্যুত যোগানৰ চিন হিচাপে মিটাৰ বস্ক এটা যেনে তেনে ওলমি আছে । গৃহটোৰ ভিতৰত আচবাব বুলিবলৈও একো দেখা নাযায় । নাই অনাময় আঁচনিকে ধৰি দুখীয়া-দৰিদ্ৰৰ বাবে চৰকাৰে ঘোষণা কৰা একো আঁচনিয়ে ঢুকি নাপালে ।

বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক

author img

By

Published : Aug 27, 2020, 3:27 AM IST

ডিব্ৰুগড়, 26 আগষ্ট : আজি 15বছৰে তেওঁৰ ঘৰৰ বেৰাৰ ফাঁকেৰে গৰু-ছাগলী,কুকুৰ শিয়াল সোমাই ইফালৰ পৰা সিফাললৈ পাৰ হ'ব পৰা অৱস্থা । কাষতে আকৌ প্ৰায় 15বছৰীয়া কাৰ্যকাল পাৰ কৰা স্থানীয় বিধায়কে সঘনাই সভা পাতিয়েই থাকে । পঞ্চায়তটোও বিধায়কগৰাকীৰ যথেষ্ট দখল বুলি শুনা যায় । কিন্তু পথৰ কাষতে চকুত পৰাকৈ থকা এইজন অসহায় দুখীয়াৰ জৰাজীৰ্ণ গৃহটোলৈহে চকুযোৰ ফুৰাব পাহৰে বিধায়ক তথা বিধায়কৰ ঘনিষ্ঠ পঞ্চায়ত কৰ্মীয়েও । বিজেপিৰ জেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ ডিব্ৰুগড়ৰ সমষ্টিৰ অন্তৰ্গত ৰজাভেটা পঞ্চায়তৰ এই দৃশ্য ।

অনিৰুদ্ধ গগৈ ওৰফে হুপিঙৰ বাসগৃহটো
অনিৰুদ্ধ গগৈ ওৰফে হুপিঙৰ বাসগৃহটো

মন কৰক ভাঙি ওৱলি যোৱা এই গৃহটোলৈ । বেৰবোৰ পঁচা,ইতিমধ্যেই ভাঙি বৃহৎ অংশ নাইকিয়া হৈছে,টিনপান কৰবাত আছে কৰবাত মামৰে ধৰি নাইকিয়া হ'ব ধৰিছে,বিদ্যুত যোগানৰ চিন হিচাপে মিটাৰ বস্ক এটা যেনে তেনে ওলমি আছে । গৃহটোৰ ভিতৰত আচবাব বুলিবলৈও একো দেখা নাযায় । নাই অনাময় আঁচনিকে ধৰি দুখীয়া-দৰিদ্ৰৰ বাবে চৰকাৰে ঘোষণা কৰা একো আঁচনিয়ে ঢুকি নাপালে ।

অৰ্থাৎ ঢোল কুবাই ফুৰা টিনপাত,অন্ন সুৰক্ষা,প্ৰধানমন্ত্ৰীৰ আৱাস,গ্ৰাম্য বৈদ্যুতীকৰণ কোনো এটা আঁচনিৰ সুবিধা নোপোৱাকৈ এইদৰেই জীৱনৰ 15টা বছৰ পাৰ কৰিছে এইজন অনিৰুদ্ধ গগৈ ওৰফে হুপিং নামৰ লোকে ।

বিধায়ক প্ৰশান্ত ফুকনৰ সমষ্টিত 15 বছৰে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এজন লোক

কেইবছৰমান পূৰ্বে পঞ্চায়ত আঁচনিৰ সুবিধা দিয়াৰ কথা দি মাতৃৰ কাগজ পত্ৰও লৈ গৈছিল,মাতৃৰ বিয়োগ ঘটিল দুবছৰ হ'ল,নাই আঁচনি,নাই জনপ্ৰতিনিধিৰ খবৰ । অৱশেষত চাই থাকিব নোৱাৰি বিধায়ক প্ৰশান্ত ফুকনৰ বৰকৈ দখল থকা ৰজাভেটা পঞ্চায়তৰ বৰপথাৰ অঞ্চলৰ অনিৰুদ্ধ গগৈৰ গৃহটো সাজি দিবলৈ ওলাই আহিল 'দলং গ্ৰুপ' নামৰ গ্ৰুপৰ একাংশ যুৱক হাতে কামে লাগি ওপৰত কেইচলামান টিনপাত আৰু বেৰা কেইখন দিয়াৰ ব্যৱস্থাৰে ঘৰটো অকণমান ঠিক কৰি দিয়াৰ চেষ্টা দেখা গ'ল । স্থানীয় মানৱ দৰদী এইকেইজন যুৱকৰ মহানুভৱতাক সকলোৱে শলাগ লোৱা লগতে সামাজিক মাধ্যমতো চৰ্চিত হৈছে যথেষ্ট ।

লগতে পঢ়ক : বিটিআৰৰ স্বাক্ষৰকাৰী বি চাওৰাইগৌৰাক লৈ প্ৰতিক্ৰিয়া গোবিন্দ বসুমতাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.