মৰাণ, 14 জুলাই : ডিব্ৰুগড় জিলাৰ খোৱাং ব্লকৰ ন-খাট ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত ভোগালী পথাৰ গাঁৱত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু (African Swine Flu) । গাঁওখনৰ এজন গাহৰি পালকৰ ঘৰত কেইটামান গাহৰি মৃত্যু হোৱাত পালকজনৰ ঘৰৰ পৰা লোৱা নমুনাত এই ৰোগৰ অৱস্থিতি ধৰা পৰিছে । যাৰ বাবে শুকুৰবাৰে পালকজনৰ জীৱিত অৱস্থাত থকা প্ৰায় ৪৮ টা গাহৰি চৰকাৰৰ তৰফৰ পৰা বৈজ্ঞানিক পদ্ধতিৰে মাৰি পেলোৱা হ'ব(African Swine Flu Scare Locals in Dibrugarh) ।
গাঁওখনৰ দাঁতিকাষৰীয়া কেইবাখনো গাঁওতো গাহৰি নিধন কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা পশু চিকিৎসা বিষয়াই(Swine fever ravaged in assam) । ইয়াৰ লগতে উক্ত স্থানৰ পৰা এক কিলোমিটাৰ ব্যাসাৰ্ধত গাহৰি অথবা গাহৰি মাংস কিনা বেচা নিষিদ্ধ কৰা হৈছে । জিলা পশু চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে বিজ্ঞানসন্মতভাৱে গাহৰি নিধনৰ বাবে গুৱাহাটীৰ পৰা আহিব এটা বিশেষ দল ।
অসমত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে ছোৱাইন ফ্লু'য়ে ৷ চৰকাৰৰ তৰফৰ পৰা ছোৱাইন ফ্লু' সংক্ৰমণৰ বাবে গ্ৰহণ কৰা হৈছে বিশেষ তৎপৰতা ৷ ছোৱাইন ফ্লু' ধৰা পৰা স্থানৰ পৰা এক কিলোমিটাৰ ব্যাসাৰ্ধত প্ৰশাসনৰ তৰফৰ পৰা নিষিদ্ধ কৰা হৈছে গাহৰি অথবা গাহৰি মাংস কিনা বেচা । ইয়াৰ লগতে চৰকাৰৰ তৰফৰ পৰা বিজ্ঞানসন্মতভাৱে নিধন কৰা হয় গাহৰি ৷
লগতে পঢ়ক : দৰঙত গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু