ETV Bharat / city

AMCHত প্ৰথমবাৰৰ বাবে দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট কাৰ্যক্ষম - ৰাজ্যবাসীৰ বাবে সুখবৰ

অসম চিকিৎসা মহাবিদ্যালয়লৈ সুখবৰ ৷ প্ৰথমবাৰৰ বাবে দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট কাৰ্যক্ষম হ'ল চিকিৎসালয়খনত ৷ এই প্লান্টৰ জৰিয়তে মুঠ 40 হাজাৰ কেজি লিকুইড গেছ সংৰক্ষণ কৰি তাক অক্সিজেনলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

AMCH ত প্ৰথমবাৰৰ বাবে দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট কাৰ্যক্ষম

author img

By

Published : Jan 2, 2021, 12:18 PM IST

Updated : Jan 2, 2021, 1:48 PM IST

মৰাণ,2 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ত সংযোজন হোৱা এটা বিশেষ পদক্ষেপে কঢ়িয়াই আনিছে সুখবৰ । ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ উদ্যোগত তথা অসম চৰকাৰৰ তত্বাৱধানত তিনি মাহ পূৰ্বৰে পৰা নিৰ্মাণ কৰা দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট বছৰটোৰ প্ৰথমটো দিনৰ পৰাই পৰীক্ষণমূলকভাৱে কাৰ্যক্ষম কৰা হৈছে । ইয়াৰ ফলত সকাহ লাভ কৰিব শ শ ৰোগীয়ে । বৃহদাকাৰ দুটা অক্সিজেন জেনেৰেশ্যন প্লান্টত মুঠ 40 হাজাৰ কেজি লিকুইড গেছ সংৰক্ষণ কৰি তাক অক্সিজেনলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

AMCHত প্ৰথমবাৰৰ বাবে দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট কাৰ্যক্ষম

অক্সিজেন উৎপাদনৰ এই ব্যৱস্থা অসম চিকিৎসা মহাবিদ্যালয়তে আৰম্ভ কৰাত এতিয়াৰে পৰা বিগত সময়চোৱাত সৃষ্টি হোৱা অক্সিজেনৰ নাটনি দূৰ হোৱাত যথেষ্ট সহায়ক হৈ পৰিব বুলি সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কুমাৰ কাকতি আৰু অধিক্ষক ডাক্তৰ প্ৰশান্ত দিহিংগীয়াই । অক্সিজেন জেনেৰেশ্যন প্লান্ট দুটা কাৰ্যক্ষম হৈ উঠাৰ লগে লগে মেডিচিন আইচিইউ,চেন্ট্ৰেল আইচিইউ,ক'ভিড আইচিইউৰ ৰোগীক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে,এই পদক্ষেপৰ ফলত চিকিৎসা মহাবিদ্যালয়খনৰ বৃহৎ অংকৰ ধন ৰাহি হ'ব । বিগত সময়চোৱাত অসম চিকিৎসা মহাবিদ্যালয়ে আন ঠাইৰ পৰা অক্সিজেন ক্ৰয় কৰি আহিছিল আৰু বিভিন্ন সময়ত অক্সিজেনৰ নাটনিও হৈছিল । বৰ্তমান দুটাকৈ উচ্চ ক্ষমতাসম্পন্ন টেংক সদৃশ অক্সিজেন জেনেৰেশ্যন প্লান্ট সংস্থাপন কৰাত এই সমস্যাসমূহ দূৰ হ'ব বুলি আশা কৰা হৈছে । ইপিনে 2021 চনৰ আৰম্ভণিতেই এনে এটা ব্যৱস্থা কাৰ্যক্ষম কৰিবলৈ সক্ষম হোৱাত সন্তোষ প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক : আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

Last Updated : Jan 2, 2021, 1:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.