ETV Bharat / city

ডিব্ৰুগড় চহৰত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ডিব্ৰুগড়ৰ জালান চাহ বাগিচাত শনিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী (LEOPARD) পিঞ্জৰাবদ্ধ কৰে বন বিভাগে (FOREST DEPERTMENT) ৷ দীৰ্ঘদিনৰে পৰা অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷

one leupard Caged again in Dibrugarh city
ডিব্ৰুগড় চহৰত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
author img

By

Published : Jun 19, 2021, 6:44 PM IST

ডিব্ৰুগড়,19 জুন : কৰ'ণা মহামাৰী (COVID-19) ৰ আতংকৰ মাজতে এইবাৰ ডিব্ৰুগড়ত সৃষ্টি হৈছে বাঘৰ আতংক । অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (ASSAM MEDICAL COLLEGE HOSPITAL) সমীপত জনবসতিপূৰ্ণ অঞ্চলত দীৰ্ঘদিনৰে পৰা দুটা নাহৰফুটুকী বাঘে আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল । শনিবাৰে ডিব্ৰুগড়ৰ বন বিভাগে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ জালান চাহ বাগিচাত পাতি থোৱা এটা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ।

ডিব্ৰুগড় চহৰত পুনৰ পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

আনহাতে, ডিব্ৰুগড় জিলা(DIBRUGARH DISTRICT) ৰ জালান চাহ বাগিচাতে আন এটা প্ৰকাণ্ড নাহৰফুটুকীসহ কেইবাটাও বাঘৰ পোৱালি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বুলি জানিব পৰা গৈছে । ইফালে কিছুদিন পূৰ্বে কেইবাটাও বাঘৰ পোৱালী প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে । ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত এগৰাকী লোকৰ বাসগৃহৰ ভিতৰত এটা নাহৰফুটুকী বাঘ সোমোৱাৰ লগতে পাঁচআলিতো এটা পৰিত্যক্ত গৃহত সোমাইছিল আন এটা প্ৰকাণ্ড বাঘ (TIGER)।

ইতিমধ্যে দুয়োটা বাঘ বন বিভাগে ট্ৰেংকুলাইজ ( TRANKULIZE) কৰি জয়পুৰ বনাঞ্চলত মুকলি কৰি দিয়ে ।

পুনৰ ডিব্ৰুগড় চহৰত বন বিভাগে পোৱালিসহ দুটা বাঘ প্ৰত্যক্ষ কৰাৰ খবৰটো বন বিভাগক অৱগত কৰে স্থানীয় ৰাইজে ৷ উক্ত খবৰটো লাভ কৰাত শনিবাৰে এটা প্ৰকাণ্ড নাহৰফুটুকী (LEOPARD) পিঞ্জৰাবদ্ধ কৰে বন বিভাগে । বন বিভাগে নাহৰফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত জয়পুৰত মুকলি কৰাৰ ব্যৱস্থা কৰিছে ৷ দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল যদিও নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰাত শংকামুক্ত হোৱা বুলি স্থানীয় ৰাইজে সদৰী কৰে ৷

লগতে পঢ়ক-পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.