ডিব্ৰুগড়, 29 অক্টোবৰ : অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰায় 6800 বৰ্গফুট জোৰা নৱনিৰ্মিত ভৱনটো 1 কোটি 60 লাখ 58 হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ।
উল্লেখযোগ্য যে, 1972 চনতে স্থাপন হৈছিল লাহোৱাল আৰক্ষী থানা । 2006 চনত এটা নতুন ভৱন নিৰ্মাণ কৰিছিল যদিও উচ্চমানৰ নাছিল । বৃহস্পতিবাৰে উদ্বোধন কৰা নৱনিৰ্মিত ভৱনটোৱে বহু অভাৱ দূৰ কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছে ৷
উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, অসম আৰক্ষীৰ গৃহ নিৰ্মাণ বিভাগৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, চক্ৰধৰ গগৈ, উচ্চ পদস্থ আৰক্ষী বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক : কংগ্ৰেছ-এআইইউডিএফ অসমীয়া জাতিৰ বাবে ভয়ংকৰ: অতুল বৰা