ETV Bharat / city

সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছত জিলিকিছে অসম সন্তান নৱ কুমাৰ ফুকন - naba kumar phukan

অসমবাসীৰ বাবে অন্য এক সুখবৰ ৷ চেপনৰ শান্তিবনৰ নিৱাসী নৱ কুমাৰ ফুকনক লৈ গৌৰৱান্বীত অসমবাসী ৷ বুধবাৰে ইউৰোপ মহাদেশৰ ৰাচিয়াৰ ৫,৬৪২ মিটাৰ উচ্চতাৰ মাউন্ট এলব্ৰুছ জয় কৰিবলৈ সক্ষম হৈছে অসম সন্তান নৱ কুমাৰ ফুকনে ৷

naba kumar phukan climbs the highest peak of Mount Elbrus
মাউন্ট এলব্ৰুছত জিলিকিছে অসম সন্তান নৱ কুমাৰ ফুকন
author img

By

Published : Aug 5, 2021, 8:05 AM IST

মৰাণ,5 আগষ্ট: অসমবাসীৰ বাবে এক সু-খবৰ ৷ টকিঅ’ অলিম্পিকত (Tokyo Olympics) অসম কন্যা লাভলীনা বৰগোঁহাইয়ে বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাচতে অসমলৈ আহিছে অন্য এক গৌৰৱৰ খবৰ ৷ এই গৌৰৱ কঢ়িয়াই আনিছে নৱ কুমাৰ ফুকনে ৷

চেপনৰ শান্তি বনৰ নিৱাসী নৱ কুমাৰ ফুকনে ইউৰোপৰ সুউচ্চ শৃংগ মাউন্ট এলব্ৰুছ আৰোহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ পৰ্বতাৰোহী নৱ কুমাৰ ফুকনে বুধবাৰে দুপৰীয়া ইউৰোপ মহাদেশৰ ৰাচিয়াৰ ৫,৬৪২ মিটাৰ উচ্চতাৰ মাউন্ট এলব্ৰুছ জয় কৰিবলৈ সক্ষম হয় । তেওঁ মাউন্ট এলব্ৰুছৰ শীৰ্ষত ভৰি থৈ অসম গৌৰৱ এশিঙীয়া গঁড় সংৰক্ষণৰ কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণৰ চিত্ৰ সম্বলিত অসমীয়াৰ স্বাভিমান গামোচা প্ৰদৰ্শন কৰে ।

naba kumar phukan climbs the highest peak of Mount Elbrus
মাউন্ট এলব্ৰুছত জিলিকিছে অসম সন্তান নৱ কুমাৰ ফুকন

লগতে পঢ়ক: অলিম্পিকত ব্ৰঞ্জ লাভ : নতুন ইতিহাসেৰে জিলিকি ৰ’ল লাভলীনা

কেৱল সেয়াই নহয়, মাউন্ট এলব্ৰুছৰ শীৰ্ষত প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত প’ষ্টাৰ ৷

পেচাত চেপন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শাৰীৰিক নিৰ্দেশক নৱ কুমাৰ ফুকনৰ সাফল্যত অনন্দিত এতিয়া ৰাজ্যবাসী ৷ পৰ্বতাৰোহী নৱ কুমাৰ ফুকনক লৈ তেওঁৰ গৃহ চহৰ মৰাণ, চেপন, ডিমৌটো বৈছে আনন্দৰ বন্যা ৷ কেৱল লাভলীনাই নহয় পৰ্বতাৰোহী নৱ কুমাৰ ফুকনক লৈয়ো গৌৰৱান্বীত এতিয়া ৰাজ্যবাসী ৷

মাউন্ট এলব্ৰুছৰ শীৰ্ষত অসম সন্তান

পৰ্বত আৰোহণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেৱল নৱ কুমাৰ ফুকন প্ৰথম গৰাকী পৰ্বতাৰোহী নহয় ৷ ইয়াৰ পূৰ্ৱেও বহু কেইগৰাকী পৰ্বতাৰোহীয়ে বিশ্বৰ সু-উচ্চ বহুকেইটা শৃংগত অৱতৰণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ ৰিজুমণিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.