টিংখাং,31 মাৰ্চ: মঙলবাৰে সন্ধিয়া টিংখাঙত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । এগৰাকী যুৱতীক শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ অপৰাধত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে এদল লোকে । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ শলগুৰী টিপমীয়াৰ বঙালী গাঁৱত ।
ঘটনা অনুসৰি গাঁৱখনৰ মুলেশ্বৰ মাঝী নামৰ এজন বিবাহিত লোকে একে গাঁৱৰে এগৰাকী যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অশ্লীল ইংগিত দি অসৎ কামনা পূৰণৰ চেষ্টা কৰাত যুৱতী গৰাকীয়ে চিঞৰ-বাখৰ কৰে ৷ যুৱতী গৰাকীৰ চিঞৰ শুনি লোকজনে পলায়ন কৰে ৷ ইফালে ঘটনাস্থলীত ওচৰ-চুবুৰীয়া গোট খাই খেদি গৈ ব্যক্তিজনক কৰায়ত্ত কৰি মৰিয়াই মৰিয়াই হত্যা কৰে ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাত জড়িতৰ সন্দৰ্ভত গাঁৱখনৰ ২৯ গৰাকীকৈ লোকক আটক কৰি থানালৈ নিয়ে ৷