ETV Bharat / city

ডিব্ৰুগড়ত ৰহস্যময় নিচামুক্তি কেন্দ্ৰত মৃত্যু যুৱকৰ

জিলাখনৰ হাতিমৰাত সংঘটিত হ'ল এই হত্যাকাণ্ড ৷ ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি স্বেচ্ছাসেৱী সংস্থাই কেন্দ্ৰটোলৈ আনিছিল যুৱকজনক ৷ ঘটনা সন্দৰ্ভ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

author img

By

Published : Aug 16, 2019, 8:16 PM IST

হাতিমৰাত হত্যাকাণ্ড

ডিব্ৰুগড়, 16 আগষ্ট: ডিব্ৰুগড়ৰ হাতীমৰাত এটা নিচা মুক্তি কেন্দ্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিচা মুক্তি কেন্দ্ৰটোত উদ্ধাৰ হৈছে ভাস্কৰ চমুৱা নামৰ এজন যুৱকৰ মৃতদেহ । ঘটনা অনুসৰি নিহত চমুৱা আছিল এজন ড্ৰাগছ আসক্ত যুৱক ৷ এই আসক্তিৰ পৰা মুক্ত হবলৈ তেও এটা স্বেচ্ছাসেৱী সংগঠনৰ সহায়ত হাতীমৰাত এটা নিচা মুক্তি কেন্দ্ৰত ভৰ্তি হৈছিল ৷ ড্ৰাগছৰ পৰা মুক্ত কৰাৰ সপোন দেখুওৱাই স্বেচ্ছাসেৱী সংগঠনৱে যুৱকজনৰ অভিভাৱকৰ পৰা প্ৰথম মাহৰ কিস্তি হিচাপে দহ হাজাৰ টকা আদায় কৰাৰ ওপৰিও এমাহ পৰ্যন্ত পৰিয়ালৰ লোকে যুৱকজনক সাক্ষাৎ কৰিব নোৱাৰিব বুলি এক মৌখিক চুক্তি কৰিছিল ৷ কিন্তু শুকুৰবাৰে হঠাৎ যুৱকজনৰ মৃত্যুৰ খৱৰ পাই নিচামুক্তি কেন্দ্ৰত উপস্থিত হয় পৰিয়ালৰ লোক কিন্তু পৰিয়ালৰ লোক উপস্থিত হোৱাৰ আগতেই কেন্দ্ৰটো পৰিচালনাৰ সংস্থাৰ কৰ্মী়সকলে পলায়ণ কৰে ৷ যাৰ ফলত অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰে সমগ্ৰ ঘটনাতো ৷ যুৱকজনৰ মৃতদেহত বিভিন্ন অংগত আঘাতৰ চিন প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰি পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে ৷

ডিব্ৰুগড়ত ৰহস্যময় নিচামুক্তি কেন্দ্ৰত যুৱকৰ মৃত্যু

ৰহস্যজনক ভাবে কেন্দ্ৰটোত কোনো ধৰণৰ নামফলক নথকাৰ লগতে কোন স্বেচ্ছাসেৱী সংস্থাই এই কেন্দ্ৰটো পৰিচালনা কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ইফালে স্থানীয় লোক জনোৱা অনুসৰি মাজনিশা কেন্দ্ৰটোৰ পৰা মৰণ কাতৰ চিঞৰ শুনা গৈছিল তাৰ ওপৰিও কোনো ধৰণৰ চাইন বৰ্ড বা সংস্থাৰ নাম উল্লেখ নথকা এই নিচামুক্তি কেন্দ্ৰত প্ৰতি দিনাই পুৱতী নিশা পৰ্যন্ত হায়-হুলস্থুল শুনা গৈছিল ৷ বিভিন্ন সন্দেহজনক কম বয়সীয়া যুৱক-যুৱতীৰ সমাগমত হোৱা কেন্দ্ৰটোত বিভিন্ন অনৈতিক কাৰ্যহে সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে নিচামুক্তি কেন্দ্ৰৰ পাঁচজন আৱাসিক ইতিমধ্যে আটক কৰিছে ।

Intro:
V. O :
নিচামুক্তি কেন্দ্ৰত অঘটন।
ডিব্ৰুগড়ৰ হাতীমৰাত এটা নিচা মুক্তি কেন্দ্ৰত সংঘটিত হত্যাকাণ্ড।ভাস্কৰ চমুৱা নামৰ এজন যুৱকক হত্যাৰ অভিযোগ।মৃতদেহৰ কেইবাস্হানত স্পষ্ট আঘাতৰ চিহ্ন।যুৱকজনৰ ঘৰ টেঙাখাতত বুলি জানিব পৰা গৈছে। ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে ঘটনা সন্দৰ্ভত পাঁচজনকৈ নিচা মুক্তি কেন্দ্ৰৰ আৱাসিক আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে ড্ৰাগছ আসক্ত যুৱকজনক মাত্ৰ এমাহৰ পূৰ্বে এই কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্বত থকা এটা স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে অভিভাৱকৰ পৰা লৈ আনিছিল। ড্ৰাগছৰ আসক্তি এৰুৱাৰ বাবদ প্ৰথম মাহৰ কিস্তি হিচাপে দহ হাজাৰ টকা আদায় কৰিছিল স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে। তদুপৰি এমাহ পৰ্যন্ত পৰিয়ালৰ লোকে যুৱকজনক সাক্ষাৎ কৰিব নোৱাৰিব বুলি এক মৌখিক চুক্তি কৰিছিল বুলি নিহত যুৱকজনৰ পৰিয়ালে উল্লেখ কৰে। স্বেচ্ছাসেৱী সংস্থাৰ কৰ্মীয়ে আনকি নিচা মুক্তি কেন্দ্ৰটোৰ ঠিকনাও পৰিয়ালৰ পৰা গোপনে ৰাখিছিল। আজি হঠাৎ যুৱকজনৰ মৃত্যুৰ খৱৰ পাই পুৱাৰে পৰা বিচাৰ খোচাৰ কৰি বিয়লি এই কেন্দ্ৰত উপস্থিত হয় পৰিয়ালৰ লোক। ইফালে পৰিয়ালৰ লোক উপস্থিত হোৱাৰ পূৰ্বে কেন্দ্ৰটো পৰিচালনাৰ সংস্থাৰ কৰ্মী়সকলে পলায়ণ কৰে। মৃতদেহৰ বিভিন্ন অংগত আঘাতৰ চিন প্ৰত্যক্ষ কৰি এয়া এক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰি পৰিয়ালৰ লোক কাষ চাপে আৰক্ষীৰ।
Byte : পৰিয়ালৰ লোক
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে নিচামুক্তি কেন্দ্ৰৰ পাঁচজন আৱাসিক আটক কৰিছে। ৰহস্যজনক ভাবে কেন্দ্ৰটোত কোনো নামফলক নথকাৰ লগতে কোন স্বেচ্ছাসেৱী সংস্থাই এই কেন্দ্ৰটো পৰিচালনা কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইফালে স্থানীয় লোকে মাজনিশা কেন্দ্ৰটোৰ পৰা মৰণ কাতৰ চিঞৰ শুনা লগতে বিভিন্ন অনৈতিক কাৰ্যহে সংঘটিত হোৱা বুলি সন্দেহ বুলি কৰিছে।
Byte : স্থানীয় লোক
কোনো ধৰণৰ চাইন বৰ্ড বা সংস্থাৰ নাম উল্লেখ নথকা এই নিচামুক্তি কেন্দ্ৰত প্ৰতি দিনাই পুৱতী নিশা পৰ্যন্ত হায় হুলস্থুল আৰু বিভিন্ন সন্দেহ জনক কম বয়সীয়া যুৱক-যুৱতীৰ সমাগম হয় বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে স্হানীয় লোকে।মাত্ৰ তিনি মাহৰ পূৰ্বে উক্ত স্হানত সংস্হাপন কৰা নিচামুক্তি কেন্দ্ৰ টোৰ সন্দৰ্ভত উচিত তদন্ত কৰি জনবসতি পূৰ্ণ অঞ্চলটোৰ পৰা শীৰ্ঘে আতৰাবলৈ দাবী কৰে।
Byte:-স্হানীয় লোক।
Continue Byte.Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.