মৰাণ, 8মে’: আজি আন্তৰ্জাতিক মাতৃ দিৱস ৷ সমগ্ৰ বিশ্বৰ লগতে অসমতো বিভিন্ন ঠাইত মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা হৈছে মাতৃ দিৱস ৷ এই বিশেষ দিনটোত চৰাইদেউ জিলাৰ মৰাণত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ (Akhil Bharatiya Marwari Mahila Sammelan) মৰাণহাট সমিতিয়ে মৰাণহাট আৰক্ষী থানাত অনুষ্ঠিত কৰিলে মাতৃ দিৱস (Mother's day celebrated at Moranhat Police Station) ৷
মহিলা সংগঠনটোৱে মৰাণহাট আৰক্ষী থানাত কৰ্মৰত সকলো মহিলা আৰক্ষী বিষয়া কনিষ্টবলক সম্বৰ্ধনা জ্ঞাপন কৰে (Woman Police gets felicitated at Moran) ৷ এই অনুষ্ঠানৰ আঁত ধৰে বিমল আগৰৱালাই । অনুষ্ঠানটোত উপস্থিত থাকে সংগঠনটোৰ সভানেত্ৰী নিতা মুড়, সম্পাদক সীমা আগৰৱালাৰ লগতে মৰাণহাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া অতুল পাটৰ, পৰিবহণ বিষয়া মইনুল ইছলামৰ লগতে থানাৰ বিষয়া কৰ্মচাৰী সকল ।
অনুষ্ঠানত মৰাণহাট থানাৰ পৰিবহণ বিষয়া মইনুল ইছলামে মাতৃ দিৱসৰ ওপৰত ভাষণ প্ৰদান কৰি নিজৰ স্বৰ্গীয় মাতৃক স্মৰণ কৰে । মাতৃ দিৱসৰ এই দিনটোত মহিলা আৰক্ষীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাত সংগঠনটোৰ কৰ্মকৰ্তাক ধন্যবাদ জনালে মৰাণহাট থানাৰ আৰক্ষী বিষয়া অতুল পাটৰে ।
লগতে পঢ়ক : Cyclone Asani rages in Bay of Bengal : আহি আছে 'আছানী'