ডিব্ৰুগড়,17 জানুৱাৰী : ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শুকুৰবাৰৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে বৰঙণি সংগ্ৰহ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মৰাণতো আৰম্ভ হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ প্ৰক্ৰিয়া ৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ পৰিয়ালে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংঘৰ কাৰ্যকৰ্তাৰ জৰিয়তে আগবঢ়ালে অৰিহণা ।
উল্লেখ্য যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে নিধি সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰ পৰাই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণ সমষ্টিবাসী ৰাইজেও স্বতঃৰ্স্ফুত ভাৱে অৰিহণা আগবঢ়োৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : গহপুৰৰ ভোলাগুৰি চাহ বাগিছাত গীতে-মাতে সোঁৱৰণ ৰূপকোঁৱৰক