ডিব্ৰুগড়, 16 অক্টোবৰ: অৱশেষত সন্ধান ওলাল মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া মনোহৰ চৌধুৰীৰ ৷ বিগত 8 অক্টোবৰৰ পৰা ৰসহ্যজনকভাৱে সন্ধানহীন হৈ আছিল মৰাণৰ এটা মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া মনোহৰ চৌধুৰী ৷ বিগত 8 দিনে সন্ধানহীন হৈ থকা মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া মনোহৰ চৌধুৰী আজি নিজে সুস্থ শৰীৰেৰে মৰাণ থানাত হাজিৰ হয় (Missing Annapurna Finance Pvt. Ltd officer found) ।
বিষয়াগৰাকীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি পৰিয়ালকেন্দ্ৰিক কিছুমান মানসিক চাপৰ বাবেই তেওঁ এখন ট্ৰাকত উঠি কোনো অজ্ঞাত ঠাইলৈ আঁতৰি গৈছিল বুলি জনায় । ট্ৰাকখনত উঠি কোনো অজ্ঞাত ঠাইলৈ গৈ তাত দুদিন থকা বুলিও জনায় মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া মনোহৰ চৌধুৰীয়ে ৷
বৰ্তমান বিষয়াগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু চিকিৎসকে সুস্থ বুলি জানিবলৈ দিয়ে । মৰাণ নতুন নগৰৰ সোনালী পথত থকা অন্নপূৰ্ণা ফাইনেঞ্চ প্ৰাঃ লিমিটেডৰ ডেভলপমেন্টৰ (Annapurna Finance Pvt. Ltd) বিষয়া আছিল মনোহৰ চৌধুৰী (২৯) নামৰ লোকজন (Youth missing at Moran ) ৷
ঘটনা অনুসৰি, দৰং জিলাৰ ছিপাঝাৰ থানাৰ (Sipajhar Police Station) অন্তৰ্গত ইদৰিচুল হক চৌধুৰীৰ পুত্ৰ মনোহৰ চৌধুৰীয়ে বিগত ৮ অক্টোবৰত নিজৰ দায়িত্ব সামৰি ঘৰলৈ আহি নিজৰ ৰূমত জিৰণি ল'বলৈ গৈছিল । ইয়াৰ পাছৰ পৰাই কোনো সন্ধান নাছিল বিষয়াজনৰ । অৱশ্যে সন্ধিয়া ৰূমৰ পৰা মনোহৰ চৌধৰী ওলাই যোৱাৰ দৃশ্য বন্দী হৈছে চি চি টিভিত ৷ আনকি বিষয়াগৰাকীয়ে নিজৰ ফোনটোও নিজৰ ৰূমত থৈ গৈছিল ৷
ইতিমধ্যে সোমবাৰে পৰিয়ালৰ লোকৰ লগতে সহকৰ্মীসকলে বিষয়াগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছিল ৷ মনোহৰ চৌধুৰীৰ পিতৃয়ে জনোৱা অনুসৰি, কেইদিন মান পূৰ্বে দেউতাকৰ পৰা মনোহৰ চৌধুৰীৰে ৫০ লাখ টকা লৈছিল ।
কি কাৰণে লৈছিল সেই কথাও জ্ঞাত নহয় পৰিয়াল তথা সহকৰ্মীসকলৰ । ইফালে মৰাণ আৰক্ষীয়ে বিষয়াজনৰ ম’বাইল ফোনটো উদ্ধাৰ কৰাৰ লগতে আন বহু কেইটা সামগ্ৰী তদন্তৰ খাতিৰত জব্দ কৰিছিল ।
লগতে পঢ়ক: Youth missing at Moran: মৰাণত ৰসহ্যজনকভাৱে সন্ধানহীন মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিষয়া