মৰাণ, 29 জুন : কৰ'ণাসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ মাজতেি আকৌ ৰাজ্যৰ কোনো কোনো জিলাত ধুমুহাত বিস্তৰ ক্ষতি সাধন হৈছে ৰাইজৰ ৷ ঘৰ দুৱাৰ ভাঙি চিঙি যোৱাৰ লগতে প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনিৰ উভালি পৰিছে দুমুহাত ৷ সমান্তৰালকৈ চৰাইদেউ জিলাতো ধুমুহাত বিস্তৰ ক্ষতি হয় ৰাইজৰ ৷ ইফালে ধুমুহাত ক্ষতিগ্ৰস্ত লোক সকলক সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে সোমবাৰে চৰাইদেউত উপস্থিত হয় অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন (Jogen Mohan) ৷
![Minister of Disaster management Jogen Mohan giving compensation At Dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8025to8031-ministerofdisastermanagementjogenmohangivingcompensation-as10031_28062021195338_2806f_1624890218_766.jpg)
সোমবাৰে চৰাইদেউ জিলাত উপস্থিত হৈ মন্ত্ৰী যোগেন মহনে জিলাখনৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ইত্যাদিত বিস্তৰ ক্ষতি সাধন হোৱা লোকসকলক সাহাৰ্য দিয়াৰ উদ্দেশ্যে জিলাখনৰ শীৰ্ষ বিষয়া সকলৰ সৈতে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভাত মিলিত হয় ৷ উক্ত সভাখনতে ধুমুহা, জুই আৰু বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক বিভিন্ন ধনৰাশিৰ চেক বিতৰণ কৰাৰ লগতে ক্ষতিগ্ৰস্তক বিভিন্ন সামগ্ৰী প্ৰদান কৰে । ইয়াৰে চৰাইদেউ জিলাৰ বাবে মুঠ এক কোটি 5,36,900 টকা ধুমুহাত ক্ষতিগ্ৰস্ত হিতাধীকাৰীৰ বাবে প্ৰদান কৰে ৷
![Minister of Disaster management Jogen Mohan giving compensation At Dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8025to8031-ministerofdisastermanagementjogenmohangivingcompensation-as10031_28062021195338_2806f_1624890218_287.jpg)
ইয়াৰ উপৰিও 3,80,400 টকা জুইত ক্ষতিগ্ৰস্ত হিতাধীকাৰী সকলৰ বাবে আৰু 98,300 টকা বানপানীত ক্ষতিগ্ৰস্ত হিতাধীকাৰীৰ বাবে আগঢ়ায় মন্ত্ৰী যোগেন মহনে ।
জিলাখনৰ মাহমৰা, সাপেখাতী আৰু সোণাৰি এই তিনিওটা ৰাজহ চক্ৰৰ অন্তৰ্গত হিতাধীকাৰী সকলক উক্ত ধনৰাশি চেক যোগে বিতৰণ কৰা হয় । উক্ত চেক বিতৰণ অনুষ্ঠানৰ সভাপতিত্ব কৰে উপায়ুক্ত বিনীতা পেগুৱে । সভাত জিলা প্ৰকল্প বিষয়া বিজয়লক্ষ্মী গগৈ, সাপেখাতী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনামিকা গগৈ, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) ভাৰতী বড়াকে আদি কৰি তিনিওটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল উপস্থিত থাকে ।