ETV Bharat / city

সমাজ উত্তৰণৰ বাবে সাংবাদ মাধ্যম আৰু চৰকাৰে একেলগে কাম কৰিব লাগিব: যোগেন মহন

author img

By

Published : Jul 25, 2021, 12:29 PM IST

দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ প্ৰেছ ক্লাবৰ (Moran Press Club) ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ এই অনুষ্ঠানত উপস্থিত থাকি ৰাজহ মন্ত্ৰী যোগেন মহনে (Jogen Mohan) কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Minister Jogen Mohan attended of Foundation day of Moran Press club
সমাজ উত্তৰণৰ বাবে সাংবাদ মাধ্যম আৰু চৰকাৰে একেলগে কাম কৰিব লাগিব: যোগেন মহন

মৰাণ, 25 জুলাই : উজনি অসমৰ অন্যতম পুৰণি সাংবাদিকৰ মঞ্চ মৰাণ প্ৰেছ ক্লাব (Moran Press Club)৷ দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ প্ৰেছ ক্লাবৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ প্ৰেছ ক্লাবৰ সদস্য সকলে পালন কৰিলে এই প্ৰতিষ্ঠা দিৱসটো ৷ মৰাণৰ লাচিত নগৰৰ কেদাৰনাথ গোস্বামী সমাধিস্থলীত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস । ক্লাবৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন (Jogen Mohan)৷

২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসটি লাচিত নগৰৰ কেদাৰনাথ গোস্বামী সমাধিস্থলীত উদযাপন হোৱা অনুষ্ঠানৰ আঁত ধৰে মৰাণ প্ৰেছ ক্লাৱব সম্পাদক কৰুণা ফুকনে ৷ প্ৰেছ ক্লাবৰ সভাপতি দয়ানন্দ সিঙে পতাকা উত্তোলন কৰে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ অনুষ্ঠানত মৰাণৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠণৰ প্ৰতিনিধিয়ে বিভিন্ন স্থানত বহুকেইটা বৃক্ষৰোপণ কৰে ।

আনহাতে, প্ৰতিষ্ঠা দিৱসত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহন উপস্থিত থাকি কেক কাটি ক্লাবৰ সকলো বিষয়ববীয়া তথা সদস্যসকলক শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে মন্ত্ৰীজনে অনুষ্ঠানত সাংবাদিকৰ আগত কয় যে, সমাজ উত্তৰণৰ বাবে সাংবাদ মাধ্যম আৰু চৰকাৰে একেলগে কাম কৰিব লাগিব । লগতে তেওঁ কয়, ৰাইজৰ বাবে বহু কৰিব লগা আছে গতিকে সাংবাদ মাধ্যমৰ পৰা সহায় সহযোগিতা বিচাৰিছো ।

তাৰোপৰি, ক'ভিড ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা কভিডৰ নীতি-নিৰ্দেশনা সকলো ৰাইজক মানি চলিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে৷ ৰাইজ সতৰ্ক হ'লেহে আমি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰিম বুলি মন্তব্য কৰে ৷ লগতে ক্লাৱৰ উজ্বল ভবিষ্যত কামনাৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক-বিজেপি গমন: বাজেট অধিৱেশন শেষ হোৱালৈ বাট চাইছে সুশান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.