ETV Bharat / city

প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধিৰ দাবীৰে উপায়ুক্তলৈ স্মাৰক পত্ৰ ডিব্ৰুগড় আছুৰ - স্মাৰকপত্ৰ

ক’ভিড ভেকচিন প্ৰদান কেন্দ্ৰ বৃদ্ধিৰ বাবে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান ডিব্ৰুগড় আছুৰ ৷ প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে আশ্বাস দিছে উপায়ুক্তই ৷

প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধিৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান উপায়ুক্তলৈ আছুৰ

author img

By

Published : May 22, 2021, 9:09 PM IST

ডিব্ৰুগড়, 22 মে' : ডিব্ৰুগড়ত ক'ভিড পৰিস্থিতি এতিয়াও অনিয়ন্ত্ৰিত হৈ আছে । দিনক দিনে বৃদ্ধি পাই আছে ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা । ডিব্ৰুগড়ত ক'ভিডৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ লগে লগেই প্ৰতিষেধক কেন্দ্ৰ সমূহত ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধিৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান উপায়ুক্তলৈ আছুৰ
প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধিৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান উপায়ুক্তলৈ আছুৰ

স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি প্ৰতিষেধকৰ বাবে আবেদন কৰিও প্ৰতিষেধকৰ সুবিধা লাভ কৰা নাই ডিব্ৰুগড়ৰ সাধাৰণ ৰাইজে । সেয়েহে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি ক’ভিড-19 ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ত প্ৰদান কৰা ক’ভিড প্ৰতিষেধকৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আৰু প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰে ৷ ছাত্ৰ সংন্থাৰ আহ্বানত গুৰুত্ব প্ৰদান কৰি প্ৰতিষেধক কেন্দ্ৰ বৃদ্ধি কৰাৰ বাবে আশ্বাস দিছে উপায়ুক্ত গৰাকীয়ে ।‌

লগতে পঢ়ক :সঞ্জয় ৰংহাঙৰ হত্যাৰ ন্যায়িক তদন্তৰ দাবী ডিএছইউৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.