ETV Bharat / city

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত! - শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত!

আজি পৱিত্ৰ মহালয়া ৷ সেয়ে দেৱী মৰ্ত্যলৈ নামি অহা এই দিনটোতে দেশৰ লগতে সমগ্ৰ ৰাজ্যতে দেখা গ'ল আধ্যাত্মিকতা আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে শুভ মহালয়াৰ উৎসৱমুখৰ পৰিৱেশ ৷

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত!
author img

By

Published : Sep 28, 2019, 3:45 PM IST

ডিব্ৰুগড়, 28 ছেপ্টেম্বৰঃ আজি পৱিত্ৰ মহালয়া ৷ প্ৰবাদ অনুসৰি পিতৃপক্ষৰ অৱসান,দেৱী পক্ষৰ সূচনাৰ এই সন্ধিক্ষণেই মহালয়া ৷ হিন্দু ধৰ্মৰ মতে মহালয়াৰ দিনৰ পৰা আৰম্ভ হয় দেৱী দূৰ্গাৰ আগমণ ৷ সেয়ে দেৱী মৰ্ত্যলৈ নামি অহা এই দিনটোতে দেশৰ লগতে সমগ্ৰ ৰাজ্যতে দেখা গ'ল আধ্যাত্মিকতা আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে শুভ মহালয়াৰ উৎসৱমুখৰ পৰিৱেশ ৷

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত!

ডিব্ৰুগড় জিলাৰ মৰাণত মহালয়া উপলক্ষে ভক্তসকলৰ মাজত দেখা গৈছে বিশেষ উছাহ ৷ পুৱাৰে পৰা মৰাণত উলহ-মালহ পৰিৱেশ । শৰতৰ বতৰত বহু জনে লৈছে জেলেপীৰ সোৱাদ । মহালয়া উপলক্ষে পুৱাই ৰাজপথলৈ ওলাই আহিল শিল্পী বিপিন চাওদাঙ ৷ ইপিনে শিলচৰতো আজিৰ এই পুণ্য দিনটোত মৃদু শীতৰ আভাস ল'বলৈ চহৰৰ অন্যতম আকৰ্ষণ সদৰঘাট দলঙলৈ ওলাই আহিল ৰাইজ ৷ আনহাতে বদৰপুৰত নেৰা-নেপেৰা বৰষুণকো উপেক্ষা কৰি বদৰপুৰৰ উমৰপুৰ মহিলা জাগৰণ মঞ্চই জীৱন্ত দেৱী দূৰ্গাৰ প্ৰতিমা লৈ বৰ্ণাঢ্য শুভা যাত্ৰা কৰিলে তেওঁলোকে ৷ বটদ্ৰৱাৰ সোনাইপাৰতো ৰাজপথত মহালয়া উপলক্ষে দোকমোকালিতে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ নগাঁৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰিনাথ মন্দিৰতো শতাধিক ৰাইজে একেলগে ভাগ ল'লে মহালয়া উৎসৱত৷ শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গান । শৰতৰ আগমণত সকলোৰে মন মতলীয়া৷ শাৰদী ৰাণীক আদৰিবলৈ এতিয়া সকলো সাজু ৷

Intro:বদৰপুৰত জীৱন্ত দেবী দূৰ্গা লৈ ব্যতিক্ৰমি বৰ্ণাঢ্য শুভা যাত্ৰাBody:SLUG- MOHALOYA RALLY
বদৰপুৰ: - আজি পিতৃ পক্ষৰ শেষ আৰু দেবী পক্ষৰ শুৰু । হিন্দু ধৰ্মৰ মতে মহালয়াৰ দিনৰ পৰা আৰম্ভ হয় দেবী দূৰ্গা পূজাৰ আগমনি । আজি পোয়াৰ ভাগত গোটা দেশৰ লগতে বদৰপুৰৰ আকাশ বতাহ বীৰেন্দ্ৰকৃষ্ণ ভদ্ৰৰ চণ্ডী পাঠৰ স্বৰ । এই শুভ দিনত পাঁচগ্ৰাম শিদ্দেশ্বৰ শীব মন্দিৰৰ বৰাক নৈৰ শুৰু হল পিতৃ পূৰুষৰ ভাৱে তৰ্পণ আৰু পূজা পাঠ। আনফালে নেৰা নেপেৰা বৰষুণ উপেক্ষা কৰি বদৰপুৰৰ উমৰপুৰ মহিলা জাগৰণ মঞ্চ দেখুৱাইছে এক অভিনৱ প্ৰয়াস জীৱন্ত দেবী দূৰ্গাৰ প্ৰতিমা লৈ বৰ্ণাঢ্য শুভা যাত্ৰা কৰিলে । শুভা যাত্ৰা ভাগ ললে ডেকা গাভৰু সকলয়ে উখল মাখল পৰিস্থিতিৰ দেখা গৈছে । চণ্ডী পাঠৰ স্বৰে স্বৰে সকলয়ে হাতত হাত মিলাই উমৰপুৰ মন্দিৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ পৰিক্ৰমা কৰে । আজিৰ পৰা দূৰ্গা পূজাৰ কাউন্ট ডাউন শুৰু । দেবী আৰাধনায় প্ৰস্তুত হৈছে ৱদৰপুৰ প্ৰতিটি পূজা কমিটি ৰাইজ।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসমConclusion:স্বপ্নজিৎ নাথ ই টিভি ভাৰতৰ অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.