ETV Bharat / city

Murder case at Tingkhong: দোষীক উপযুক্ত শাস্তিৰ দাবীত টিংখাং আৰক্ষী থানা ঘেৰাও

মঙলবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছিল এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷ এই নৃশংস হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত টিংখাং আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় শতাধিক পুৰুষ-মহিলাই (Locals protest against Murder case at Tingkhong) ৷

author img

By

Published : Oct 12, 2022, 10:32 PM IST

locals protest against Murder case at Tingkhong
দোষীক উপযুক্ত শাস্তিৰ দাবীত টিংখাং আৰক্ষী থানা ঘেৰাও

ডিব্ৰুগড়, 12 অক্টোবৰ: মঙলবাৰে ডিব্ৰুগড়ৰ টিংখাঙত সংঘটিত হৈছিল এক ৰহস্যজনক হত্যাকাণ্ড (Murder case in Dibrugarh) ৷ টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকৱনী ব্লক গাঁৱত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ড । গাঁওখনৰ নিতুল শইকীয়াৰ পত্নী নীৰদা শইকীয়া (৪০) নামৰ এগৰাকী মহিলাক নিজা বাসগৃহত নিৰ্মমভাৱে হত্যা কৰিছিল কোনো অচিনাক্ত দুৰ্বৃত্তই (Sensational murder case at Tingkhong) ৷

ইতিমধ্যে টিংখাঙৰ ৰাজগড় আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত এজন ব্যক্তিক আটক কৰি টিংখাং আৰক্ষী থানাত চমজাই দিয়ে । ধৃত ব্যক্তিজনক সোধা-পোছা অব্যাহত ৰাখিছে টিংখাং আৰক্ষীয়ে । এই ঘটনাক কেন্দ্ৰ কৰিয়েই বুধবাৰে টিংখাং আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় শতাধিক লোকে (Warm Situation at Tingkhong police station) ৷

এই নৃশংস হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি লগতে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত টিংখাং আৰক্ষী থানা ঘেৰাও কৰে স্থানীয় শতাধিক পুৰুষ-মহিলাই (Locals protest against Murder case at Tingkhong) ৷ উল্লেখ্য যে, মঙলবাৰে প্ৰতিবেশীয়ে বহু সময় ধৰি নীৰদা শইকীয়াক দেখা নাপাই বিচাৰ-খোচৰ আৰম্ভ কৰে ৷ তাৰ পিছতে ঘৰৰ ভিতৰতে প্ৰতিবেশীয়ে নীৰদা শইকীয়াৰ মৃতদেহটো তেজেৰে লুতুৰি-পুতুৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷

মহিলাগৰাকীৰ মূৰত গধুৰ অস্ত্ৰৰ আঘাতৰ চিন স্পষ্টকৈ পৰিলক্ষিত হয় ৷ লগতে মহিলাগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে এই কৰুণ ঘটনাটো এদিনৰ পূৰ্বে সংঘটিত হোৱাৰ অনুমান কৰিছে পৰিয়ালে ৷ এতিয়া কেনেকৈ এই ঘটনা সংঘটিত হ’ল সেয়া আৰক্ষীৰ তদন্তত জানিব পৰা যাব ৷

ইফালে, বিগত 6 অক্টোবৰ তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হোৱা ঘটনাটোৱে লৈছে নতুন মুৰ ৷ বুধবাৰে উদ্ধাৰ হ’ল কাশ্মিৰা খাতুনৰ মৃতদেহ ৷ ডুমডুমা নদীত উদ্ধাৰ হয় কাশ্মিৰা খাতুনৰ মৃতদেহ (Body found in Doom dooma river) ৷ বুধবাৰে ডুমডুমা নদীৰ কুমাৰীপট্টী ঘাটত উদ্ধাৰ হৈছে মৃতদেহটো (Murder case at Doom Dooma) ৷ ঘটনা অনুসৰি, ডুমডুমা ৰূপাই চাইডিং প্ৰভাত চাহ বাগিচাৰ গৰুমৰা লাইনৰ চেহবাজ মহম্মদে হত্যা কৰিছিল পত্নী কাশ্মিৰা খাতুনক । মৃত্যুৰ সময়ত ২০ বছৰীয়া কাশ্মিৰা খাতুন অন্ত:সত্ত্বা আছিল ৷

লগতে পঢ়ক: Murder case at Tingkhong: দুই সন্তানৰ মাতৃক ধৰ্ষণ কৰি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.