ETV Bharat / city

ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰত সক্ৰিয় হৈ আছে মাটিৰ দালাল চক্ৰ ! - assam police

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰত সক্ৰিয় হৈ আছে মাটিৰ দালাল চক্ৰ ৷ তিনিবছৰতো মাটিৰ নামজাৰিৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷

Land broker active at Dibrugarh east revenue circle
ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰত সক্ৰিয় হৈ আছে মাটিৰ দালাল চক্ৰ
author img

By

Published : Sep 22, 2021, 3:46 PM IST

মৰাণ, 22 ছেপ্টেম্বৰ : ড্ৰাগছৰ পাছত এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে সক্ৰিয় হৈছে অসম আৰক্ষী ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতেই ৰাজ্যৰ প্ৰতিখন জিলাৰ চক্ৰ বিষয়া কাৰ্যালয়ত চলি থকা দালালৰাজৰ বিষয়ে পোহৰলৈ আহিছে এটাৰ পাছত আনটো তথ্য । এই তথ্যৰ ভিত্তিতেই সোমবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই মুঠ ৪৫৩ জন মাটিৰ দালালক আটক কৰে ৷ ইয়াৰ পাছতেই ৰাজ্যত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰত সক্ৰিয় হৈ আছে মাটিৰ দালাল চক্ৰ

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে ডিব্ৰুগড় জিলা আৰক্ষীয়েও সোমবাৰে নিশা অভিযান চলাই 17 টা মাটিৰ দালালক গ্ৰেপ্তাৰ কৰে ৷ কিন্তু এনে সময়তে ডিব্ৰুগড় জিলাৰ পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ ৰাজহ চক্ৰটোৰ একাংশ বিষয়া-কৰ্মচাৰী মাটিৰ দালালৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে ।

ডিব্ৰুগড় জিলাৰ পূব ৰাজহ চক্ৰৰ অন্তৰ্গত নিৰঞ্জন গগৈ নামৰ এজন ব্যক্তিয়ে মাটি ক্ৰয় কৰি নামজাৰিৰ বাবে ২০১৯ বৰ্ষতে আবেদন কৰাৰ পাছতো আজি পৰ্যন্ত হৈ নুঠাৰ অভিযোগ উত্থাপন কৰিছে । ব্যক্তিজনে জানিবলৈ দিয়া মতে, লাট মণ্ডলে কৰিবলৈ দিয়া মতে সকলো কৰিছিল যদিও বিভিন্ন অজুহাত দেখুৱাই কাম কৰাৰ পৰা বিৰত থাকে মণ্ডলৰ লগতে চক্ৰ বিষয়া । নিৰঞ্জন গগৈয়ে চক্ৰ বিষয়াগৰাকীক এই সম্পৰ্কে লিখিত অভিযোগ দিছে যদিও বিষয়াগৰাকীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ লগতে বেয়া ব্যৱহাৰ কৰা বুলিহে জানিবলৈ দিয়ে গগৈয়ে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মাটিৰ কাম এটা সপ্তাহত কৰি শেষ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে তিনিবছৰতো ডিব্ৰুগড়ৰ পূব ৰাজহ চক্ৰ বিষয়াই এজন ব্যক্তিৰ মাটিৰ কাম সমাধান কৰিব নোৱাৰা বিষয়টোৱে এতিয়া ডিব্ৰুগড় চহৰৰ সকলোৰে চকু কপালত তুলিছে । ব্যক্তিজনৰ এই অভিযোগৰ পাছত মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে হ'ব লক্ষণীয় ।

লগতে পঢ়ক : ডিব্ৰুগড়তো আৰক্ষীৰ জালত 17 টা ভূ-মাফিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.