ETV Bharat / city

দেৱজিতৰ দীঘল হাতত আৰক্ষীয়ে পিন্ধালে হেণ্ডকাফ

এশগৰু মাৰিলে বাঘৰো মৰণ ৷ এই ধৰণৰ উক্তি সমূহ বহু সময়ত বহুতৰ সৈতে খাপ খোৱা দেখা যায় ৷ দেৱজিতৰো তেনেকুৱাই হ’ল ৷ কিন্তু কিয় ?

author img

By

Published : Aug 11, 2021, 10:51 PM IST

Fraud Devajit Sharma arrested
ৰঙা ঘৰৰ আলহী হ’ল দেৱজিৎ শৰ্মা

মৰাণ, 11 আগষ্ট : দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে দুৰ্নীতি নিৰ্মূল কৰাৰ স্বাৰ্থত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক এক নিৰ্দেশনা প্ৰদান কৰিছিল ৷ এই নিৰ্দেশনাৰ পাচতেই আৰু অধিক সক্ৰিয় হৈ পৰিছে অসম আৰক্ষীয়ে ৷ এনে সময়তে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে প্ৰৱঞ্চনাকাৰী দালাল চক্ৰৰ মাষ্টৰ মাইণ্ড ৰূপে খ্যাত অভিযুক্ত দেৱজিৎ শৰ্মা নামৰ এজনক ৷

অভিযোগ অনুসৰি, ৰাজ্যৰ বিভিন্ন ঠাইত বেংকৰ ঋণ, চাকৰি দিয়াৰ নামত ধন লৈ দীৰ্ঘ দিনৰ পৰাই প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ অভিযোগ উত্থাপন হৈছে দেৱজিৎ শৰ্মাৰ বিৰুদ্ধে ৷ চৰকাৰী আঁচনিৰ যিকোনো ঋণ, ঘৰ-গাড়ী, গহণা ক্ৰয়ৰ বাবে সহজে ঋণ প্ৰদান, খাদী আৰু গ্ৰামোদ্যোগ বিভাগ, নাৱাৰ্ড, ব্লক, পঞ্চায়ত আদি সকলো ঋণ মোকলাই দিয়াৰ অবাধ ক্ষমতাৰ গৰাকী বুলি নিজকে পৰিচয় দি আহিছিল দালাল দেৱজিৎ শৰ্মাই ৷

দেৱজিতৰ মিঠা মিঠা কথাত ভোল গৈছিল সহজ-সৰল গঞা ৰাইজ ৷

Fraud Devajit Sharma arrested
ৰঙা ঘৰৰ আলহী হ’ল দেৱজিৎ শৰ্মা

লক ডাউনৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰা গ্ৰাম্য অৰ্থনীতিৰ সময়তো গাঁৱে- ভূঞে এইগৰাকী অভিযুক্তই বিভিন্ন পন্থা অৱলম্বন কৰি প্ৰৱঞ্চনাৰে সৰকাইছিল ধন । ডিব্ৰুগড়, লাহোৱাল, মাহমৰা, চেপন, মৰাণ আদি বিভিন্ন অঞ্চলৰ পৰা সহজ সৰল খাটি খোৱা গঞাক ঠগ প্ৰৱঞ্চনাৰে লাখ লাখ টকা উৎকোচ লোৱা অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

পৰৱৰ্তী সময়ত ভুক্তভোগী ৰাইজ কাষ চাপিছিল আৰক্ষীৰ ৷ কিন্তু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাছিল অভিযুক্ত গৰাকীক ৷ ইফালে অভিযোগ অনুসৰি, উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন ভিতৰুৱা গ্ৰাম্যাঞ্চলৰ শ শ মহিলা-পুৰুষক দেৱজিৎ শৰ্মাই প্ৰবঞ্চনাৰে জালত পেলাইছিল ।

প্ৰবঞ্চনাৰ গোচৰত আটক দেৱজিৎ শৰ্মা

ঋণ প্ৰদান আৰু ঋণ ৰেহাইৰ নামত অগ্ৰিম ধন হিচাপে লাখ লাখ টকা আত্মসাৎ কৰিছিল অভিযুক্ত দেৱজিৎ শৰ্মাই । কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ ডিব্ৰুগড়ৰ লাহোৱাল থানাত ভুক্তভোগী মহিলাসকলে তৰা এক গোচৰৰ ভিত্তিত মৰাণহাট আৰক্ষীৰ সহযোগত লাহোৱাল আৰক্ষীয়ে মৰাণৰ পৰা আটক কৰে এই অভিযুক্ত দেৱজিৎ শৰ্মাক ।

ইফালে দেৱজিৎ শৰ্মাৰ আটক হোৱা বাতৰি লাভ কৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা শতাধিক প্ৰবঞ্চিত মহিলা-পুৰুষে ধন বিচাৰি ভিৰ কৰেহি লাহোৱাল থানা ৷ ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত দেৱজিৎ শৰ্মাৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

লগতে পঢ়ক: নাহৰকটীয়াত নিচাযুক্ত দ্ৰব্যসহ ৪ জন যুৱকক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.