মৰাণ, 3 নৱেম্বৰ : উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে ৰাজ্য চৰকাৰে নিগম নিকায়সমূহৰ অধ্যক্ষ পদ পূৰণৰ বাবে তৎপৰ হৈছে । মিত্ৰতাৰ ধৰ্ম পালন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে অসম গণ পৰিষদ আৰু ইউ পি পি এল দলৰ নেতাসকলকো বিভিন্ন দায়িত্ব প্ৰদান কৰি ৰাজ্যৰ নিগম নিকায় ক্ষেত্ৰখন শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে । ৰাজ্য চৰকাৰে বুধবাৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাক ৷
![Lahaul Ex MLA Rituparna Baruah appointed as the chairman of Assam Tourism Corporation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8044to8046-rituparnaboruahgotchairmanpostofassamtourism-as10031_03112021200805_0311f_1635950285_347.jpg)
লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱাক অসম পৰ্যটন নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পাছতে দলীয় কৰ্মীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে । উল্লেখ্য যে, ঋতুপৰ্ণ বৰুৱা ২০১৬ চনত বিজেপি দলৰ পৰা জয় হৈ লাহোৱালৰ বিধায়ক হৈছিল । নতুন প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় ঋতুপৰ্ণ বৰুৱাই ২১ৰ বিধানসভা নিৰ্বাচনত বিধায়ক টিকট হেৰুৱাবলগীয়া হৈছিল নিজ জ্যেষ্ঠ ভাতৃ তথা বৰ্তমানৰ চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাৰ বাবে ।
![Lahaul Ex MLA Rituparna Baruah appointed as the chairman of Assam Tourism Corporation](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8044to8046-rituparnaboruahgotchairmanpostofassamtourism-as10031_03112021200805_0311f_1635950285_622.jpg)
অসম গণ পৰিষদক চাবুৱা সমষ্টি এৰি দিব লগা হোৱাত ঋতুপৰ্ণ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ পোনাকণ বৰুৱাই চাবুৱাত প্ৰতিদ্বন্দিতা কৰাত চাবুৱাৰ পূৰ্বৰ বিধায়ক বিনোদ হাজৰিকাক দলে লাহোৱাল সমষ্টিত বিধায়ক টিকট দিয়াত দ্বিতীয়বাৰৰ বাবে বিধায়ক হোৱাৰ পৰা বঞ্চিত হৈছিল ঋতুপৰ্ণ বৰুৱা । কিন্তু পুনৰ ৰাজ্য চৰকাৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষৰ দায়িত্ব দিয়াত ঋতুপৰ্ণ বৰুৱাৰ অনুৰাগীৰ লগতে দলীয় সমৰ্থকসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক : উপ নিৰ্বাচনত কিমান ভােটাৰে নাপালে পচন্দৰ প্ৰাৰ্থী