ডিব্ৰুগড়, 30 জুলাই : বৃহস্পতিবাৰে নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত কৃষক নেতা অখিল গগৈসহ সকলো 'কা' আন্দোলনকাৰীৰ মুক্তিৰ দাবীত বহুকেইটা সংগঠনে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি নাহৰকটীয়া আঞ্চলিকৰ উদ্যোগত তথা নাৰী মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু আদিবাসী ছাত্ৰসন্থাৰ সহযোগত এলানি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদত অংশগ্ৰহণ কৰে 'কা' আইন বিৰোধী আন্দোলনত উত্তৰ-পূৰ্বাঞ্চলৰ পৰা গৈ দিল্লী কঁপাই তোলা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নামৰূপৰ যুৱক অম্লানজ্যোতি গগৈয়ে ৷
অম্লানে কয় যে,যিদৰে নেলচন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাক ব্ৰিটিছৰ হাতৰ পৰা মুক্ত কৰাইছিল সেইদৰে ফেচিজিমৰ পৰা অখিল গগৈয়ে দেশখন ৰক্ষা কৰিব বুলি তেওঁলোকে আশা কৰে । সেইবাবেই চৰকাৰখনে হিটলাৰী নীতি প্ৰয়োগ কৰি অখিল গগৈক বন্দী কৰি ৰাখিছে৷ প্ৰতিবাদস্থলীৰ পৰা যুৱকজনে অখিল গগৈসহ 'কা' বিৰোধী আন্দোলনৰ সকলো কাৰাবন্দীকে অতিশীঘ্ৰে মুক্তি দিবলৈ দাবী জনায় । বৃহস্পতিবাৰৰ এই প্ৰতিবাদত প্ৰায় অৰ্ধশতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰি অখিল গগৈৰ মুক্তি দাবীত মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে নাহৰকটীয়াৰ আকাশ বতাহ ।
লগতে পঢ়ক : ছত্তীশগড় : বস্তৰৰ ছাত্ৰৰ বাবে অনলাইন শিক্ষা সপোনৰো অগোচৰ