ETV Bharat / city

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত জিলিকিল জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা - সৌৰভ দুৱৰা

বিশ্বৰ অন্যতম পুৰণি ফটোগ্ৰাফীৰ সংগঠন 'FIAP' ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ইটালীৰ 'Foto Arte' য়ে আয়োজন কৰা ফটোগ্ৰাফী প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিলে ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷

journalist-sourav-duvara-got-fourth-position-in-the-photography-competition-organized-by-foto-arte
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত জিলিকিল ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা
author img

By

Published : Nov 10, 2021, 10:31 AM IST

ডিব্ৰুগড়, 10 নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগীতাত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰি অসম তথা সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷

বিশ্বৰ অন্যতম পুৰণি ফটোগ্ৰাফীৰ সংগঠন 'FIAP' অৰ্থাৎ Federation International de I'Art Photographique ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ইটালী(Italy)ৰ 'Foto Arte' য়ে আয়োজন কৰা ফটোগ্ৰাফী প্ৰতিযোগিতাত বিশ্ব মানৰ ফটোৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰাই ৷

journalist-sourav-duvara-got-fourth-position-in-the-photography-competition-organized-by-foto-arte
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফটোগ্ৰাফী প্ৰতিযোগিতাত জিলিকিল ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা

জানিব পৰা মতে, এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ অৰ্জন কৰা ভাৰতৰ একমাত্ৰ বিজয়ী প্ৰতিযোগী হ'ল সৌৰভ দুৱৰা । অক্টোবৰ মাহত অনুষ্ঠিত হোৱা এই ক'লা-বগা ফটো প্ৰতিযোগিতাখনত বিশ্বৰ 50 গৰাকী প্ৰতিযোগীৰ চাৰিখনকৈ ফটোৰ ভিতৰত সৌৰভ দুৱৰাৰ এখন ফটোও নিৰ্বাচিত হৈছিল ।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ইটালীৰ 'Foto Arte'ৰ প্ৰতিযোগিতাত টপ গ’ল্ড সন্মান আজুৰি আনিছিল জ্যেষ্ঠ ফটো সাংবাদিক গৰাকীয়ে । ইটালীৰ 'Foto Arte' শীৰ্ষক 'ইণ্টাৰনেশ্যনেল ফটোগ্ৰাফ এক্সিভিশ্যনৰ ই-মেগাজিন'ত সংকলিত হৈছে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা শ্ৰেষ্ঠ 98 খন আলোকচিত্ৰ । তাৰ ভিতৰত অন্যতম সৌৰভ দুৱৰাৰ উক্ত আলোকচিত্ৰখনো জিলিকি উঠিছে ৷

ইতিমধ্যে আন্তৰ্জাতিক ফটোগ্ৰাফীৰ ক্ষেত্ৰত তিনিবাৰকৈ জুৰিৰ পদত মনোনীত হৈছে সৌৰভ দুৱৰা ৷ লগতে সৌৰভ দুৱৰা জাহ্নু বৰুৱাৰ দৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন বোলছবি পৰিচালকৰ সৈতেও স্থিৰচিত্ৰ গ্ৰহণকাৰী হিচাপে কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে।

তদুপৰি ফটোগ্ৰাফী ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে 'শিপা শিল্প বঁটা' লাভ কৰা সৌৰভ দুৱৰা অসমত এককভাৱে আলোকচিত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা আলোকচিত্ৰ শিল্পীৰ ভিতৰতো অন্যতম ।

লগতে পঢ়ক: ষঠ পূজা উপলক্ষে গুৱাহাটীৰ বহু কেইটা পথত যান-বাহন চলাচলত নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.