ETV Bharat / city

পৱন সিং ঘাটোৱাৰৰে মুখ্যমন্ত্ৰীৰ আলাপ; চৰ্চা চলিছে ৰাজনৈতিক মহলত !

author img

By

Published : Oct 1, 2021, 7:59 PM IST

ডিব্ৰুগড়ৰ খনিকৰস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত উপস্থিত হৈ আৰ্শীবাদ লয় মুখ্যমন্ত্ৰীয়ে । জগন্নাথ মন্দিৰত উজনিৰ জেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱা লগতে সম্বৰ্ধনা জনোৱা কাৰ্যই ৰাজনৈতিক মহলত সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে ।

ডিব্ৰুগড়ৰ খনিকৰস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী

ডিব্ৰুগড়, 1 অক্টোবৰ : শুকুৰবাৰে ডিব্ৰুগড়ৰ খনিকৰৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ কামৰ বুজ লৈয়েই ডিব্ৰুগড়ৰ খনিকৰত থকা ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহত জগন্নাথ মন্দিৰত উপস্থিত হৈ সেৱা লয় মখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে মন্দিৰৰ প্ৰাংগনত মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ লগতে কিছু সময় কথোপকথন কৰে ৷ যি দৃশ্য বন্দী হৈ ৰয় সাংবাদিকৰ কেমেৰাত ৷

আনহাতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকী বিধায়ক । তাৰপাছতেই হেলিকেপ্তাৰ যোগে খনিকৰৰ পৰা গুৱাহাটীলৈ উৰা মাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইপিনে শুকুৰবাৰে পুৱাই মুখ্যমন্ত্ৰীয়ে কিছুদিন পূৰ্বে মৃত্যু হোৱা চাহ খেতিয়ক তথা সমাজসেৱক মহাদেৱ জালানৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰি বিশিষ্ট চাহ খেতিয়ক জনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তদুপৰি ডিব্ৰুগড় চিৰিংচাপৰি বিশিষ্ট শিক্ষাবিদ প্ৰয়াত প্ৰেমধৰ বৰগোঁহাই বাসগৃহতো উপস্থিত হৈ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়কঃ জটিল ৰোগত আক্ৰান্ত লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.