ETV Bharat / city

টিংখাঙত অচিন পোকে খাই তহিলং কৰিলে বিঘাই বিঘাই সজালধৰা ধান

টিংখাঙত অচিন পোকে খাই তহিলং কৰিছে বিঘাই বিঘাই সজাল ধৰা ধাননি পথাৰ ৷ বহু কীটনাশক ঔষধ চতিয়াইছে যদিও এতিয়ালৈ কোনো সুফল নোপোৱাত এতিয়া হাহাকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত ৷

author img

By

Published : Jul 12, 2021, 7:25 PM IST

insect infestation in paddy Field Tingkhang, Dibrugarh District
টিংখাঙত অচিন পোকে খাই তহিলং কৰিলে বিঘাই বিঘাই সজালধৰা ধান

টিংখাং, 12 জুলাই : ডিব্ৰুগড় জিলাৰ টিংখাঙত ধাননী পথাৰত অচিন পোকৰ উপদ্ৰৱ অব্যাহত । এই অচিন পোকে খাই তহিলং কৰিছে বিঘাই বিঘাই সজাল ধৰা ধাননি পথাৰ ৷ ফলত নষ্ট হৈ গৈছে শালি ধানৰ খেতি। টিংখাঙৰ ১ নং ৰাইদঙীয়া গাঁৱৰ শিৱ গগৈ নামৰ কৃষক জনৰো প্ৰায় ২০ দিন পূৰ্বে ৰোপণ কৰা ধান গছ সমূহ অচিন পোকে এফালৰ পৰা খাই অনিষ্ট কৰিছে ৷ এই অচিন পোকৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ বিভিন্ন ধৰণৰ কীট নাশক ঔষধ চতিয়াইছে যদিও এতিয়ালৈ কোনো ধৰণৰ সুফল পোৱা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰিছে খেতিয়কগৰাকীয়ে ৷

কৃষক গৰাকীয়ে এবাৰ দুবাৰ নহয়, বহুবাৰ কীটনাশক ঔষধ প্ৰয়োগ কৰিও কোনো সুফল লাভ নকৰাত এতিয়া মূৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে গাঁওখনৰ আন বহু কৃষকৰো এই অচিন পোক বিধে বিঘাই বিঘাই সজাল ধৰা ধান খেতি খাই তহিলং কৰিছে বুলি জানিব পৰা গৈছে ৷ এক মাত্ৰ শালি ধান খেতি কৰিয়েই নিজৰ লগতে পৰিয়াল পোহ পাল দি আহিছিল যদিও খেতি দৰাত অচিন পোকে অনিষ্ট কৰাত এতিয়া উপায়হীন হৈছে কৃষকসকল ৷

এই ক্ষেত্ৰত কৃষি বিভাগে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বুলি অভিযোগ তুলিছে কৃষক সকলে । কঁপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতিত এনে অচিন পোকৰ সন্ত্ৰাস দেখি কৃষকসকল যথেষ্ট চিন্তিত হৈ পৰিছে ।

এই ক্ষেত্ৰত কৃষি বিভাগক তৎকালীনভাৱে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী কৃষক সকলে। নহ'লে শালি ধান খেতিৰেই পৰিয়ালটো পোহ-পাল দি আহিছে যদিও এই অচিন পোকৰ উপদ্ৰৱ প্ৰতিৰোধ কৰিব নোৱাৰিলে ভৱিষ্যতে পৰিয়ালটো পোহ-পাল দিবলৈ চিন্তিত হৈ পৰিছে কৃষক সকল ৷

লগতে পঢ়ক-দুদিনৰ বাবে গোলাঘাটত ঘোষণা সম্পূৰ্ণ লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.