ETV Bharat / city

মৰাণত জটিলতাৰ দিশে কভিড-19 ৰ পৰিস্থিতি - ক'ভিডত আক্ৰান্ত

কৰ'ণাৰ লক্ষণ দেখিলেই স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান মৰাণৰ স্বাস্থ্য বিষয়াৰ ৷ ৰাইজে সহযোগ নকৰিলে মৰাণত ক'ভিড-19 নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ'ব ৷

মৰাণত জটিলতাৰ দিশে কভিড-19 ৰ পৰিস্থিতি
মৰাণত জটিলতাৰ দিশে কভিড-19 ৰ পৰিস্থিতি
author img

By

Published : Apr 28, 2021, 9:57 PM IST

মৰাণ, 28 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ মৰাণত প্ৰতিদিনেই ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা । মৰাণত ইতিমধ্যে দুগৰাকী ক'ভিডত আক্ৰান্তৰ মৃত্যু হৈছে । চিকিৎসালয় সমূহত বাঢ়ি অহা ক'ভিড আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰি তুলিছে মৰাণত প্ৰশাসনৰ লগতে সাধাৰণ ৰাইজক ।

মৰাণত জটিলতাৰ দিশে কভিড-19 ৰ পৰিস্থিতি

মৰাণ ৰাজ্যিক চিকিৎস্যালয়ৰ চিকিৎসক হিমাংশু বৰাই জানিবলৈ দিয়া অনুসৰি, মৰাণ তথা সমগ্ৰ অসমত ক'ভিডত আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে । বিশেষকৈ গ্ৰাম্যঞ্চলত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বাঢ়িব ধৰাত এক পৰিস্থিতি জটিলতাৰ দিশে গতি কৰিছে । বহু লোকে ক'ভিডৰ ভয়ত টেষ্ট কৰাৰ পৰা আঁ‌তৰি ফুৰা বুলিও মন্তব্য কৰে ৷ যাৰ বাবে মৰাণত ক'ভিড নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে বুলি কয় । কোনো লোকে শৰীৰত ক'ভিডৰ লক্ষণ দেখা পালেই স্বাস্থ্য পৰীক্ষা কৰিবলৈ ৰাইজক অনুৰোধ জনাই কয় ৷ ৰাইজে সহযোগ নকৰিলে মৰাণত ক'ভিড নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ'ব বুলি স্বাস্থ্য বিষয়াজনে গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক : ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.