ETV Bharat / city

সাপেখাতীত জাল নোটসহ এজন লোকক আটক - সাপেখাতী আৰক্ষী

সাপেখাতী শালকাঠনী চাহ বাগিচাৰ ন নম্বৰ লাইনৰ গণেশ তাঁতী নামৰ এজন ব্যক্তিৰ ঘৰত শুকুৰবাৰে আৰক্ষীয়ে তালাচী চলাই ৫০০ টকীয়া জালনোটৰ এটা বাণ্ডিল জব্দ কৰিবলৈ সক্ষম হয় ৷

চৰাইদেউৰ সাপেখাতীত জাল নোটসহ এজন লোকক গ্ৰেপ্তাৰ
সাপেখাতীত জাল নোটসহ এজন লোকক আটক
author img

By

Published : Apr 24, 2021, 1:55 PM IST

মৰাণ,24 এপ্ৰিল: চৰাইদেউৰ সাপেখাতীত আৰক্ষীৰ বৃহৎ সাফল্য । জালনোট সহ এজনক আটক আৰক্ষীৰ ৷ জানিব পৰা মতে, আটক কৰা ব্যক্তিজন সাপেখাতী শালকাঠনী চাহ বাগিচাৰ ন নম্বৰ লাইনৰ গণেশ তাঁতী ৷ ঘটনাৰ বিৱৰণী অনুসৰি, সাপেখাতী অঞ্চলৰ এজন ব্যৱসায়ীৰ পৰা এখন চাইকেল ক্ৰয় কৰাৰ বাবদ গণেশ তাঁতী নামৰ ব্যক্তিজনে ৫০০ টকীয়া ৬ হাজাৰ টকা ব্যৱসায়ীজনক কৌশলেৰে আদায় কৰে ৷ পৰৱৰ্তী সময়ত সেই নোটখিনি জাল নোট বুলি জানিব পাৰি ব্যৱসায়ীজনে সাপেখাতী আৰক্ষীক অৱগত কৰে ৷

চৰাইদেউৰ সাপেখাতীত জাল নোটসহ এজন লোকক গ্ৰেপ্তাৰ
সাপেখাতীত জাল নোটসহ এজন লোকক আটক

সাপেখাতী আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিতে শালকাঠনীৰ গণেশ তাঁতীৰ ঘৰত তালাচী চলাই ১১ হাজাৰ নকল নোটসহ দুটাকৈ ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আটকাধীন ব্যক্তিজন সাপেখাতী আৰক্ষীৰ জিম্মাত আছে ৷ আৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত ব্যক্তিজনৰ কবলৰ পৰা সৰ্বমুঠ ১৭ হাজাৰ মূল্যৰ ৫০০ টকীয়া জালনোট জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত পুনৰ এজনৰ কৰ'ণাত মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.