ETV Bharat / city

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক'ভিড : বাতিল PGSU ৰ নিৰ্বাচন

author img

By

Published : Jan 9, 2022, 9:01 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক'ভিডৰ ভয়াৱহতা (COVID in Dibrugarh university campus) ৷ মাইক্ৰ' কন্টেইনমেন্ট জ'ন কৰা হ’ল কেইবাখনো ছাত্ৰী নিৱাস ৷ বাতিল কৰা হ’ল স্নাতকোত্তৰ মহলাৰ ছাত্র একতা সভাৰ নিৰ্বাচন ৷

dibrugarh-university-pgsu-election-postponed-for-covid-in-campus
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক'ভিড : বাতিল PGSU ৰ নিৰ্বাচন

মৰাণ, 9 জানুৱাৰী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰ'ণাৰ আতংক(COVID in Dibrugarh university campus) । দেওবাৰৰ দিনটোলৈকে বিশ্ববিদ্যালয়ৰ ১৪ গৰাকীৰ ছাত্ৰ- ছাত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছে । ইতিমধ্যে, বিশ্ববিদ্যালয়ৰ বহু কেইটা হোষ্টেল মাইক্ৰ' কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই (Dibrugarh university hostels declared micro containment zone) ।

এই হোষ্টেল কেইটা ক্ৰমে, আইদেউ সন্দিকৈ ছাত্ৰী নিৱাস, নলিনীবালা দেৱী ছাত্ৰী নিৱাস, নিউ গাৰ্লছ হোষ্টেল , জয়মতী ছাত্ৰী নিৱাস, পুষ্পলতা দাস ছাত্ৰী নিৱাস, পদ্ম কুমাৰী গোঁহাই ছাত্ৰী নিৱাস আৰু স্বৰ্ণলতা দাস ছাত্ৰী নিৱাস বুলি জানিব পৰা গৈছে ৷ ইফালে, অহা 10 জানুৱাৰী অৰ্থাৎ সোমবাৰে অনুষ্ঠিত হ’ব লগীয়া বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া শেহতীয়া ক’ভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হৈছে (DU PGSU election postponed for COVID) ৷

Dibrugarh university PGSU election postponed for COVID in campus

উল্লেখযোগ্য যে, দেওবাৰৰ দিনটোলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দিনে নিশাই অব্যাহত আছিল স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান (DU PGSU election 2022) ।

হঠাৎ, এতিয়া এইদৰে বিশ্ববিদ্যালয় চৌহদত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাত নিৰ্বাচনকলৈ ছাত্ৰ সমাজৰ মাজত থকা উচাহ ম্লান পৰা দেখা গৈছে ৷ ইয়াৰোপৰি, হঠাতে ছাত্ৰী নিৱাস সমূহ এইদৰে বন্ধ হৈ যোৱাত ঘৰলৈ যোৱাৰ বাবে ছাত্ৰী সকলৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে ৷ আনহাতে, কেৱল ছাত্ৰী নিৱাস সমূহ হে এইদৰে মাইক্ৰ' কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰাক লৈয়ো একাংশই সামাজিক মাধ্যমত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ কৌশল আগবঢ়ালে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.