ETV Bharat / city

টোলগেট বন্ধৰ দাবীৰে আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - টোলগেট বন্ধৰ দাবী

ডিব্ৰুগড়ৰ বগীবিলত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান টোল গেট বন্ধৰ দাবীত আছু আৰু AJYCPৰ প্ৰতিবাদ ৷

আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Sep 22, 2020, 5:02 AM IST

মৰাণ, 22 ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত আছু আৰু AJYCPৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদত কঁপিল ডিব্ৰুগড়ৰ বগীবিল অঞ্চল । 52নং B ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈ থকা টোল গেটৰ কাম বন্ধ কৰাৰ দাবী তুলি এইদৰে মানৱ শৃংখলৰ জৰিয়তে বহু শতাধিক সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদৰ দ্বাৰাই অতি কম দিনৰ ভিতৰত টোল গেট বন্ধ কৰিবলৈ দাবী তোলে । অন্যথা অনাগত দিনত এই দিশত ইয়াতকৈ জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে আছু আৰু AJYCPৰ সদস্যসকলে । প্ৰতিবাদী কাৰ্য্যসূচীত আছু আৰু AJYCPৰ ডিব্ৰুগড় জিলাৰ নেতা তথা সদস্যসকল উপস্থিত থাকে ।

আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

লগতে পঢ়ক : 5 বছৰত 86,000 গৰাকীক বিদেশী ঘোষণা কৰা হৈছে অসমত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.