মৰাণ, ৭ জুলাইঃ ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত নৰ্দমা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ বিভিন্ন দল সংগঠনৰ ৷ নিৰ্মাণৰ দুমাহ পূৰ্ণ নৌহওঁতেই ভাগি যোৱা ঘটনাত ক্ষুব্ধ হৈ পৰিছে ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷
উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ৩.৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰিবলৈ চৰকাৰে ৩ কোটি ৫০ লাখ টকা আৱণ্টন দি নিৰ্মাণৰ দায়িত্ব NHDCL ক অৰ্পণ কৰিছিল ৷ ইতিমধ্যে চলিত বৰ্ষৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্য অতি নিয়াৰিকৈ কৰিবলৈ NHDCLৰ বিষয়াক নিৰ্দেশ দিছিল ৷ ইয়াৰ লগতে কাম সমূহ পৰিদৰ্শন কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তকো ৰাজহুৱাভাৱে নিৰ্দশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷
কিন্তু পথটোৰ দুয়োকাষে নৰ্দমা নিৰ্মাণৰ কাম আৰম্ভ কৰিয়েই ঠিকা লোৱা শিমলুগুৰিৰ বিনোদ বুঢ়াগোঁহাই কনচট্ৰাকচন কোম্পানীয়ে মুখ্যমন্ত্ৰী নিৰ্দেশক অমান্য কৰা বুলি অভিযোগ তোলে ৷ যাৰ বাবে মৰাণৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধি আৰু সচেতন মহলে উপায়ুক্ত, স্থানীয় বিধায়ক আৰু স্থানীয় প্ৰশাসনক নিৰ্মাণস্থলীত উপস্থিত কৰাই বিষয়টো সমাধান কৰিবলগীয়া হয় ৷ ইয়াৰ পাছতো বিভিন্ন সময়ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত যাতে কোনো ক্ষেত্ৰতে সুৰুঙা নাথাকে বা উন্নত মানৰ হয় তাৰ বাবে জিলা উপায়ুক্ত, NHDCLৰ বিষয়াবৰ্গ আৰু বি. বি. কনচট্ৰাকচনৰ কৰ্তৃপক্ষৰ লগত কেইবাটাও সংগঠনৰ নেতৃবৃন্দই আলোচনা কৰিছিল ৷ এই আলোচনাৰ পাছতো নিৰ্মাণৰ উপ-ঠিকাদাৰ ধুবুৰীৰ কোম্পানী এটাই সকলোকে গুৰুত্ব নিদি অতি নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল ৷ যাৰ পৰিণতিত যোৱা শনিবাৰৰ নিশা ঘটিল এটা অঘটন ৷
মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত থকা ভাৰতীয় তেল কোম্পানীৰ পান্নালাল এণ্ড কোম্পানীৰ পেট্ৰ'ল পাম্পলৈ এখন মালবাহী ট্ৰাক প্ৰৱেশ কৰোতে নৰ্দমাৰ ওপৰত নিৰ্মাণ কৰা ঢাকনিখন ভাগি চকা নলাটোত সোমাই যায় ৷ নগৰৰ নৰ্দমা নিৰ্মাণ কৰা ৩.৫ কিলোমিটাৰ পথৰ অংশত বহুতো উপ-পথ আছে যিবোৰেদি দৈনিক অসংখ্য যান-বাহন চলাচল কৰে ৷ এই উপ-পথবিলাকৰ প্ৰৱেশ অংশত নৰ্দমাটোৰ ঢাকনিসমূহৰ পৰা বিপদ যে হ'ব সেই নিশ্চিত হৈ পৰিছে ৷
এই বিষয়টো অৱগত কৰি কেইবাটাও সংগঠনৰ নেতা, স্থানীয় লোকে NHDCLৰ বিষয়া আৰু জিলা উপায়ুক্তলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ পাছত মৰাণৰ NHDCLৰ উজনি অসমৰ যোৰহাট সংমণ্ডলৰ মুখ্য প্ৰৱন্ধক শ্ৰী ফেঞ্চন পজাই নিৰ্মাণৰ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা কথাটো পৰোক্ষভাৱে অস্বীকাৰ কৰে ৷ কিন্তু ঢাকনিখন দুমাহৰ পূৰ্বেই নিৰ্মাণ কৰা হৈছিল আৰু এমাহ ব্যৱহাৰ নকৰাকৈ আছিল বুলি পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে স্পষ্ট কৰিছে ৷
আনহাতে, বিভিন্ন সংগঠনৰ নেতাই নিৰ্মাণ কাৰ্যত জড়িত ধীৰাজ সিং নামৰ অভিযন্ত্ৰাগৰাকীক ঘটনাস্থলীত উপস্থিত কৰাই ব্যৱহাৰ্য সামগ্ৰী (বালি,চিমেণ্ট আৰু শিলৰ মিশ্ৰণ) হাতেৰে মোহাৰি ভাঙি দেখুওৱাৰ পাছতো নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰৰ কথা এৰাই চলে আৰু উপস্থিত সংবাদকৰ্মীক দুব্যৱহাৰ কৰি আঁতৰি যায় ৷
স্বয়ং মুখ্যমন্ত্ৰীয়ে মৰাণবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত আৱণ্টিত পুঁজিৰ সঠিক ব্যৱহাৰ কৰা হ'ব বুলি ৰাজহুৱা আশ্বাস প্ৰদান কৰাৰ পাছতো NHDCL যে কৰা এই কামৰ বাবে জনসাধাৰণক প্ৰৱঞ্চনা, লুণ্ঠন কৰা বিভাগ বুলিও অভিযোগ কৰিছে মৰাণবাসীয়ে ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা, আহোম জাতীয় গণমঞ্চ আদিয়ে নিৰ্মিয়মান পথটোৰ লগতে নৰ্দমাটো ব্যৱহাৰৰ উপযোগী হোৱাকৈ উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিবলৈ সংশ্লষ্ট পক্ষক দাবী জনাইছে ৷
লগতে পঢ়ক-পুনৰ উত্তপ্ত বাঘজান: আত্মজাহৰ ভাবুকি প্ৰতিবাদকাৰীৰ