ETV Bharat / city

কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি : মুখ্যমন্ত্ৰী সোণোৱাল - কংগ্ৰেছ আৰু এআইইউডিএফে ফাঁকি দিয়া বুলি মন্তব্য সোণোৱালৰ

কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ ধেমেচীত আয়োজিত অসম দিৱসত উপস্থিত হৈ দুয়ো দলে ফাঁকি দি অহা বুলি মন্তব্য মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

কংগ্ৰেছ আৰু এআইইউডিএফক সমালোচনা
অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
author img

By

Published : Dec 4, 2020, 10:41 AM IST

মৰাণ, 4 ডিচেম্বৰ : বিটিএডিত এআইইউডিএফৰ সৈতে কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । 2 ডিচেম্বৰত মৰাণৰ ধেমেচীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা অসম দিৱসত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "কংগ্ৰেছ আৰু এআইইউডিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । এই বিলাক কথা তাহানিৰ পৰাই চলি আছিল । এতিয়া কিন্তু ৰাইজৰ আগত স্পষ্ট ৰূপত ধৰা দিছে ।"

অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বুধবাৰে একেখন হেলিকপ্টাৰত উঠি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন, এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল আৰু সাধাৰণ সম্পাদক আমিনুল ইছলামে বিটিএডিত চলোৱা নিৰ্বাচনী প্ৰচাৰকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, অসমৰ ৰাইজক এতিয়া দুয়ো দলে ফাঁকি দিব নোৱাৰে । তেওঁ‌লোকৰ প্ৰকৃত প্ৰতিচ্ছবিখন পোহৰলৈ আহিছে । ৰাইজে এতিয়া সকলো বুজি উঠিছে বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰে ৷

লগতে পঢ়ক : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বিপিএফ প্ৰতিদ্বন্দিতাত নাই : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.