ETV Bharat / city

শিশুৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱালঃ চিকিৎসকৰ গাফিলতিৰ অভিযোগ - অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল

জীৱন্ত শিশু মৃত ঘোষণা কৰি শিশুটিক মৃত্যুমুখত পেলোৱাৰ প্ৰতিবাদ,মটক বাগিছা,লাহোৱাল থানা ঘেৰাও, উত্তপ্ত পৰিস্থিতি ৷

শিশুৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱালঃ চিকিৎসকৰ গাফিলতিৰ অভিযোগ

author img

By

Published : Nov 9, 2020, 12:00 PM IST

ডিব্ৰুগড়, 9 নৱেম্বৰ : মটক চাহ বাগিচাত ৰাতিপুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এটা দেৱশিশুক জীৱিত অৱস্থাত মৃত ঘোষণা কৰা স্বয়ম্ভু চিকিৎসক, স্বাস্থ্যকৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত মটক চাহ বাগিচা ঘেৰাও কৰে স্থানীয়ই । ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ চাহ শ্ৰমিক ওলাই আহে । চাহ শ্ৰমিকসকলে লাহোৱাল আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিশুৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱালঃ চিকিৎসকৰ গাফিলতিৰ অভিযোগ
শিশুৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱালঃ চিকিৎসকৰ গাফিলতিৰ অভিযোগ

উল্লেখ্য যে, ডিব্ৰুগড়ৰ লাহোৱালত এটা জীৱন্ত শিশুক মৃত ঘোষণা কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই ৷ মটক চাহ বাগিচাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা ৷ এটি দুমহীয়া শিশুৱে মাতৃ দুগ্ধ পান কৰা সময়তে দুৰ্ভাগ্যবশতঃ শিশুটিৰ মুখেৰে দুগ্ধ ওলাই আহে ৷ শিশুটিৰ এনে পৰিস্থিতি দেখি অভিভাৱকে শিশুটিক চাহ বাগিচাতে থকা চিকিৎসালয়লৈ নিয়ে ৷ বাগানৰ চিকিৎসা কেন্দ্ৰত চিকিৎসক অনুপস্থিত থকাত কম্পাউণ্ডাৰে শিশুটিক মৃত ঘোষণা কৰি ঘৰলৈ ওভোতাই পঠিয়ায় ৷ উপায়বিহীন অভিভাৱকে শিশুটিক ঘৰলৈ লৈ আনে ৷ ইয়াৰে প্ৰায় 4 ঘণ্টা পিছত শিশুটিয়ে হাত-ভৰি লৰচৰ কৰাত শিশুটিক পুনৰ দুগ্ধপান কৰাবলৈ যত্ন কৰে মাতৃয়ে ৷

পৰৱৰ্তী সময়ত শিশুটিক পুনৰ চিকিৎসালয়লৈ নিয়ে পিতৃ-মাতৃয়ে ৷ একেখন চিকিৎসালয়ৰে এগৰাকী নাৰ্চে শিশুটি পৰীক্ষা কৰি জীৱিত বুলি ঘোষণা কৰি ততালিকে শিশুটিক উন্নত চিকিৎসাৰ বাবদ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ৷ কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ কিছুসময় পিছতে শিশুটিক মৃত ঘোষণা কৰে চিকিৎসকে ৷ প্ৰকৃতাৰ্থত চিকিৎসকৰ হেমাহিৰ বাবে শিশুটিয়ে মৃত্যুবৰণ কৰাৰ অভিযোগ উত্থাপন কৰে অভিভাৱকে ৷ শিশুটিৰ মৃত্যুৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে একাংশ স্থানীয় ৰাইজ ৷ এই ঘটনাই চাহ বাগিচা অঞ্চলত চিকিৎসা সেৱাৰ প্ৰকৃত স্বৰূপটোকে উদঙাই দিছে ৷

লগতে পঢ়ক : চিকিৎসালয়ৰ আজৱ কাণ্ড: জীৱন্ত শিশুক মৃত ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.