মৰাণ, 24 আগষ্ট : ২১ আগষ্টত বৰঝাৰ বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ "জন আশীৰ্বাদ যাত্ৰা" সোমবাৰে সামৰণি পৰে শিৱসাগৰ জিলাত ৷ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ পাচত প্ৰথমবাৰৰ বাবে অসমলৈ আহি জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অসমৰ মুঠ ছখন সাংগঠনিক জিলা আশীৰ্বাদ যাত্ৰাৰ জৰিয়তে ভ্ৰমণ কৰে সোণোৱালে ৷
জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ৰ শেষৰ দিনা আৰ্থাৎ সোমবাৰে থাওৰা সমষ্টিৰ ডিমৌত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ জল পৰিবহণ, বন্দৰ, জাহাজ আৰু আয়ুস মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জন আশীৰ্বাদ যাত্ৰাৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী গৰাকী থাওৰা সমষ্টিত উপস্থিত হোৱাৰ লগে লগে গায়ন-বায়ন, বন্তি প্ৰজ্বলনেৰে উষ্ম আদৰণি জনাই ৰাইজে । অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন ।
লগতে পঢ়ক: যোৰহাটত সৰ্বানন্দ সোণোৱালৰ জন আৰ্শীবাদ যাত্ৰা
জন আশীৰ্বাদ যাত্ৰা(Jan Ashirwad Yatra)ৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰে এখন সংবাদমেল ৷
বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটত ২৮ গৰাকী OBC সম্প্ৰদায়ৰ লোকক স্থান দিয়া হ’ব ৷ লগতে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষীপ্ৰতাৰে উন্নয়ন বিচাৰে বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ আশীৰ্বাদতে অসমৰ উন্নয়ন হৈছে ৷ সেয়ে দেশৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোডীক আশীৰ্বাদ দিবলৈ ৰাজ্যবাসীক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: Jan Ashirwad Yatra : কোনে কিয় কৰিলে ৰাজনীতি ?
আনহাতে, সৰ্বানন্দ সোণোৱালক আদৰণিৰ বাবে বিজেপিয়ে আয়োজন কৰা এই জন আশীৰ্বাদ যাত্ৰাক কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিৰ এই যাত্ৰাক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ অসম জাতীয় পৰিষদে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বিজেপিৰ নেতা-মন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও গোচৰ দাখিল কৰিছে বিভিন্ন আৰক্ষী থানাত ৷
লগতে পঢ়ক: Jan Ashirwad Yatra: ঢেকীয়াখোৱা নামঘৰত সেৱা ল’লে সৰ্বানন্দ সোণোৱালে