ETV Bharat / city

ছাত্ৰ-ছাত্ৰীক যোগান ধৰা চাউলত ওলাইছে বৰবিহ

ছাত্ৰ-ছাত্ৰীক যোগান ধৰা চাউলৰ নামত বৰবিহ ৷ মৰাণৰ জ্ঞানবন্তি মধ্য ইংৰাজী বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা চাউলত ওলাইছে প্লাষ্টিক চাউল ৷ অভিভাৱকৰ লগতে মৰাণ আছুৱে বিচাৰিছে উচিত তদন্ত ৷

ছাত্ৰ-ছাত্ৰীক যোগান ধৰা চাউলত ওলাইছে বৰবিহ
ছাত্ৰ-ছাত্ৰীক যোগান ধৰা চাউলত ওলাইছে বৰবিহ
author img

By

Published : Oct 1, 2021, 4:30 PM IST

মৰাণ, 1 অক্টোবৰ : Attention শিক্ষামন্ত্ৰী মহোদয় ! বিদ্যালয়ত অধ্যনৰত ছাত্ৰ-ছাত্ৰীক যোগান ধৰা চাউলত ওলাইছে বৰবিহ । এইবাৰ ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ মৰাণৰ জ্ঞানবন্তি মধ্য ইংৰাজী বিদ্যালয় ৷ উল্লেখযোগ্য যে, বিদ্যালয় বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যহ্ন ভোজনৰ বাবে অহা চাউল সমূহ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ বিষয়টো ।

ছাত্ৰ-ছাত্ৰীক যোগান ধৰা চাউলত ওলাইছে বৰবিহ

জানিবপৰা মতে, বিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা চাউল অভিভাৱকে জৰা-বচা কৰিবলৈ লওতে সাধাৰণ চাউলতকৈ কিছু পৰিমাণ ডাঙৰ আকাৰৰ চাউল দেখি সন্দেহ ওপজে ৷ তাৰপাছতে ইজনে-সিজনক সোধাত বিদ্যালয়ৰ পৰা চাউল লাভ কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে চাউলত প্লাষ্টিকৰ চাউল সদৃশ দেখি সাংবাদিকক অৱগত কৰে ।

অভিভাৱক সকলে সাংবাদিকৰ আগত জানিবলৈ দিয়া মতে, ডাঙৰ আকাৰৰ চাউল সমূহ বাচি ৰান্ধি ছোৱাত আঠা সদৃশ হৈ পৰে । প্ৰকৃততে এইয়া চাউল নে প্লাষ্টিকৰ চাউল সেয়া উচিত তদন্ত দাবী কৰিছে অভিভাৱক সকলে । আনহাতে, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈয়ে উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব ।

ছাত্ৰ-ছাত্ৰীক চাউল বিতৰণৰ নামত যি বৰবিহ ওলাইছে এইয়া উচিত তদন্ত কৰি ইয়াৰ সৈতে জড়িত সকলক কঠোৰ শাস্তি দিবলৈ শিক্ষা মন্ত্ৰী তথা চৰকাৰক দাবী জনাইছে অভিভাৱক সকলে ।

লগতে পঢ়কঃ গোলাঘাটত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.