ETV Bharat / city

গৰাখহনীয়াত সৰ্বস্বান্ত দধিয়াৰ ৰাইজক পাহৰিলে চৰকাৰে

author img

By

Published : Jun 8, 2021, 9:50 PM IST

গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দধিয়াৰ ৰাইজক পাহৰিলে চৰকাৰে ৷ ৰাজপথত আন্দোলন কৰিয়ো নাপানে পুনঃসংস্থাপন ৷ নতুন চৰকাৰৰ দৃষ্টি পৰিবনে দধিয়া ৰাইজৰ ওপৰত ?

Assam govt. forgot Dadhia's public
গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দধিয়াৰ ৰাইজক পাহৰিলে চৰকাৰে

মৰাণ, 8 জুন : গৰাখহনীয়াত ঘৰ, ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ দধিয়াৰ ৰাইজে । বিগত বৰ্ষত পুনঃসংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলা আৰু এজন যুৱকে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল ।

গৰাখহনীয়াত সৰ্বস্বান্ত দধিয়াৰ ৰাইজক পাহৰিলে চৰকাৰে

প্ৰতিবাদস্থলীলৈ আহিছিল চৰকাৰৰ মন্ত্ৰী বিধায়ক, দল-সংগঠনৰ প্ৰতিনিধি । চৰকাৰে কমিটী গঠন কৰি দধিয়া ৰাইজক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বহু মাহ পাৰ হ'ল । ৰাজ্যত নতুন চৰকাৰ গঠন হ'ল । কিন্তু নৈ পৰীয়া দধিয়াবাসী কেনে আছে খবৰ ল'বলৈ কাৰোৰে সময় নহ'ল ।

এতিয়া ধাৰাষাৰ বৰষুণৰ পাছতে মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে-ফুটুকাৰে বাঢ়ি অহাত উজাগৰে দিন পাৰ কৰিছে দধিয়াৰ ৰাইজে । ব্ৰক্ষ্মপুত্ৰৰ বালি পলসে সকলো খেটিমাটি নষ্ট কৰাত গাঁওখনৰ ৰাইজৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে ।

সকলোৱে কেৱল ব্ৰক্ষ্মপুত্ৰত মাছ মাৰি পৰিয়াল পোহপালৰ চেষ্টা কৰিছে যদিও বহুতৰ বাবে পৰিয়াল চলোৱাটো কষ্টকৰ হৈ পৰিছে । সমাগত বাৰিষাৰ পূৰ্বে দধিয়াবাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে । নহ'লে ৰাজপথতে পুনৰ বাস কৰিব লাগিব দধিয়াবাসীয়ে ।

লগতে পঢ়ক : বাক্সাত আৰক্ষীৰ জালত দুজন ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.