ETV Bharat / city

প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ডিব্ৰুগড়ত কেবিনেট মন্ত্ৰীৰ প্ৰস্তুতি সভা

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ডিব্ৰুগড়ত কেবিনেট মন্ত্ৰীৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয় (PM Modi's Assam visit) ৷ কৃষি মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগ, শক্তিমন্ত্ৰী বিমল বৰা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থাকে ।

author img

By

Published : Apr 8, 2022, 4:28 PM IST

Cabinet Minister preparation for PM meeting in Dibrugarh
প্ৰধানমন্ত্ৰীৰ আগমণক লৈ ডিব্ৰুগড়ত কেবিনেট মন্ত্ৰীৰ প্ৰস্তুতি সভা

মৰাণ, 8 এপ্ৰিল: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । 28 এপ্ৰিলত ডিব্ৰুগড়ৰ লগতে অসমৰ দুটাকৈ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

দুদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত হ'বলগীয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ স্থান পৰিদৰ্শন কৰাৰ পিছতে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ চাৰিজনকৈ কেবিনেট মন্ত্ৰীয়ে উজনিৰ চাৰিখনকৈ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়াৰে প্ৰস্তুতিৰ পৰ্যালোচনা কৰে (Ministers preparing for PM meeting in Dibrugarh) ।

ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী তথা কৃষি মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিত্তমন্ত্ৰী অজন্তা নেওগ, শক্তিমন্ত্ৰী বিমল বৰা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণো উপস্থিত থাকে । আনহাতে, এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ খনিকৰস্থিত আৰক্ষী চাউনিত হ'বলগীয়া অনুষ্ঠানটোৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰা হয় । বিশেষকৈ নিৰাপত্তা ব্যৱস্থাটোক গুৰুত্ব প্ৰদান কৰা হয় বৈঠকত ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপৰি উজনি অসমৰ তিনিচুকীয়া, চৰাইদেউ, ধেমাজি আদি জিলাৰ প্ৰায় ডেৰ লাখ লোক সমবেত হ’ব বুলি এক লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

28 এপ্ৰিলৰ দিনা প্ৰধানমন্ত্ৰী মোডীয়ে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ সম্পূৰ্ণ কৰা কেঞ্চাৰ কেয়াৰ হাস্পতাল পৰিদৰ্শন কৰি পোনে পোনে খনিকৰলৈ ৰাওনা হ'ব । ইয়াৰ পৰাই মোডীয়ে সাতখনকৈ কেঞ্চাৰ কেয়াৰ হাস্পতাল উদ্বোধন কৰিব । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে ডিফুত এক চৰকাৰী কাৰ্যসূচীত অংশ ল'ব ।

লগতে পঢ়ক : CPA সন্মিলনৰ বাবে সাজু অসম বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.