ETV Bharat / city

মৰাণৰ তিনিটাকৈ কেন্দ্ৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা - ইন্টাৰনেট সেৱা বন্ধ

অসমৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰি ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত কাইলৈ অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা(Assam Direct Recruitment Exam for Grade III) । ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে কেন্দ্ৰকেইটাৰ দায়িত্বত থকা বিষয়াসকলে ৷

assam-direct-recruitment-exam-for-grade-iii-will-be-held-at-moran
মৰাণৰ তিনিটাকৈ কেন্দ্ৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা
author img

By

Published : Aug 27, 2022, 7:10 PM IST

মৰাণ, 27 আগষ্ট: দেওবাৰে অৰ্থাৎ ২৮ আগষ্টত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা(Assam Direct Recruitment Exam for Grade III) । ২১ আগষ্টত চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি পৰীক্ষা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ পাছত কাইলৈ অৰ্থাৎ দেওবাৰে পুৱাৰ পৰা ইন্টাৰনেট সেৱা বন্ধ কৰি ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চৰাইদেউ জিলা মৰাণতো ইতিমধ্যে তিনিটাকৈ কেন্দ্ৰ সাজু কৰি তুলিছে প্ৰশাসনে ।

মৰাণৰ তিনিটাকৈ কেন্দ্ৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা

মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰাণ মহাবিদ্যালয় আৰু মৰাণ মহিলা মহাবিদ্যালয় এই কেন্দ্ৰ তিনিটাত প্ৰায় ছয় হাজাৰ পৰীক্ষাৰ্থীয়ে দিব পৰীক্ষা(Assam recruitment exam 2022) ৷ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুত সম্পূৰ্ণ কৰি তোলা হৈছে পৰীক্ষা কেন্দ্ৰ তিনিটাত । ইয়াৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰাণ মহাবিদ্যালয়ত পুৱা আৰু বিয়লি দুটা সময়ত অনুষ্ঠিত হ'ব পৰীক্ষা ।

পৰীক্ষা কঠোৰ সতৰ্কতাৰে আৰু পৰীক্ষাৰ সময়ত কোনো অশুভ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰকেইটাৰ দায়িত্বত থকা বিষয়াসকলে(Strict measures for Assam recruitment exam) । ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সকলো নীতি নিৰ্দেশনাৰ মাজত মৰাণৰ তিনিটাও কেন্দ্ৰতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে বিষয়াসকলে ।

লগতে পঢ়ক: অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে শোণিতপুৰত 144 ধাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.