ETV Bharat / city

পৰিভ্ৰমী চৰাইৰ কল-কাকলিৰে মুখৰিত নাহৰকটীয়াৰ মেৰবিল

শীতৰ আগমণৰ লগে লগে অসমলৈ আগমণ ঘটে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিভ্ৰমী পক্ষীৰ ৷ পক্ষীৰ কলৰৱেৰে মুখৰিত হৈ পৰে ৰাজ্যৰ চৌদিশ ৷ নাহৰকটীয়াৰ মেৰবিল পক্ষী বিচৰণ ভূমি (merbil becomes home to over thousands of migratory birds)ৰ অন্যতম ৷ শীতৰ আগমণৰ লগে লগে মেৰবিললৈ আগমণ ঘটে বিশ্বৰ বিভিন্ন প্ৰান্তৰ অজস্ৰ পৰিভ্ৰমী পক্ষীৰ ৷

migratory birds from around the world flies to naharkatia merbil
পৰিভ্ৰমী চৰাইৰ কল-কাকলিৰে মুখৰিত নাহৰকটীয়াৰ মেৰবিল
author img

By

Published : Dec 10, 2021, 9:52 PM IST

মৰাণ, 10 ডিচেম্বৰ : ঋতু পৰিৱৰ্তনৰ কথা সোঁৱৰাই ৰাজ্যলৈ নামিছে শীত । হিম চেঁচা বতাহজাকে লৈ আহিছে শীতৰ শিহৰণ । সেউজীয়াৰ পৰা সোণালী হৈছে পথাৰ । পথাৰৰ ধাননি দাই ভঁৰাললৈ সোণগুটি অনাৰ চলিছে প্ৰস্তুতি ৷ ইয়াৰ মাজতেই দেশ-বিদেশৰ পৰা আগমণ ঘটিছে অলেখ পৰিভ্ৰমী পক্ষীৰ ।

বাৰিষাত ওফন্দি উঠা ৰাজ্যৰ জলাশয়সমূহ এতিয়া ঋতু পৰিৱৰ্তনৰ লগে লগে হৈ পৰিছে তৰাং । এই তৰাং খাল-বিল, জলাশয় আৰু নদ-নদীসমূহ এতিয়া হৈ পৰিছে দেশী-বিদেশী হাজাৰ-হাজাৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি । ব্যতিক্ৰম হোৱা নাই নাহৰকটীয়াৰ চাচনী মেৰবিল পৰ্যটন প্ৰকল্প(Sasoni Merbill Eco Tourism Project)ত । মেৰবিলৰ বাকৰি এতিয়া হৈ পৰিছে হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি অহা দেশী বিদেশী অজস্ৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণভূমি(merbil becomes home to over thousands of migratory birds) ।

পৰিভ্ৰমী চৰাইৰ কল-কাকলিৰে মুখৰিত নাহৰকটীয়াৰ মেৰবিল

চৰাইৰ এই কল-কাকলিত মুখৰিত হৈছে চৌপাশ, সৃষ্টি হৈছে এক নান্দনিক পৰিৱেশৰ । পশ্চিম পাকিস্তান, লাউছ, বাৰ্মা, ভিয়েটনাম,কম্বোডিয়া, বাংলাদেশ, শ্ৰীলংকা আৰু পশ্চিম ভাৰত আদি বিভিন্ন স্থানৰ পৰা জাকে জাকে অহা পক্ষী পৰিয়ালৰ আটাইতকৈ সৰু পৰিভ্ৰমী চৰাই স্মল প্ৰান্তিকলে প্ৰাণ জুৰোৱা কলৰৱেৰে মুখৰিত কৰি তুলিছে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰস্থল মেৰবিলত ।

হাজাৰ হাজাৰ বিঘা মাটি সামৰি থকা মেৰবিলত এতিয়া বিভিন্ন পক্ষীৰ কোলাহল ৷ এইসমূহ পৰিভ্ৰমী পক্ষীৰ উৰণ ভংগীমাই এতিয়া স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমী ৰাইজক হাত বাউল দি মতাৰ লগতে কৰি তুলিছে সকলোৰে মন পুলকিত ।

লগতে পঢ়ক : ন-খোৱা আনন্দৰ পৰা বঞ্চিত হোৱা এখন গাঁৱৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.