ETV Bharat / city

ডিব্ৰুগড়ত মীন পালনেৰে স্বাৱলম্বী এজন যুৱক

ডিব্ৰুগড়ৰ জকাইৰ ধনপোনা মেছে মীন পালনেৰে নিবনুৱাক দেখুৱাইছে কৰ্ম নিদৰ্শন ৷ ইতিমধ্যে দহ বিঘা ভূমিত পুখুৰী খান্দি বছৰি বহু লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় ৷

author img

By

Published : Oct 25, 2020, 9:57 AM IST

An ideal fish farmer of Moran
ডিব্ৰুগড়ত মীন পালনেৰে স্বাৱলম্বী এজন যুৱক

মৰাণ, 25 অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ জকাই মহমাৰী ঘগৰা গাঁৱৰ যুৱক ধনপোনা মেছে মীন পালনৰ কাম আৰম্ভ কৰি স্বাৱলম্বী হোৱাৰ লগতে নিবনুৱা সকলক দেখুৱাইছে কৰ্মৰ এক নিদৰ্শন ।

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে ৰাজ্যৰ বাহিৰত কৰ্ম সংস্থাপিত যুৱক এতিয়া গৃহমুখী হৈ হতাশাত ভুগিবলগীয়া হৈছে । ঠিক এনে সময়তে ধনপোনা মেছে প্ৰায় দহবিঘা ভূমিত পুখুৰী খান্দি মৎস্য পালনেৰে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে । লগতে আন নিৱনুৱা সকলকো অৰ্থ উপাৰ্জনৰ বাবে অন্য ৰাজ্যলৈ ঢাপলি মেলাৰ সলনি নিজৰ বাকৰি মাটিতে কৃষি কৰ্মৰ যোগেদি বিপ্লৱৰ সূচনা কৰিবলৈ আহ্বান জনায় । মাত্ৰ এবিঘা মাটিত ফিচাৰী খান্দি মৎস্য পালনৰ কাম কৰা ধনপোনাই এতিয়া দহ বিঘা পৰ্যন্তলৈ বৃদ্ধি কৰি একাগ্ৰতাৰ এক নিদৰ্শন দাঙি ধৰিছে । কিন্তু চৰকাৰ ফালৰ পৰা এতিয়ালৈ কোনো ধৰণৰ সহায় পোৱা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

লগতে পঢ়ক- নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.