ETV Bharat / city

AATASU Protest in Duliajan: অইলৰ CMD পদত বহিৰাগত লোকৰ নিযুক্তিৰ বিৰোধিতা - বহিৰাগত লোকৰ নিযুক্তিৰ বিৰোধিতা

অইলৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালক পদত ১ আগষ্টৰ পৰা দায়িত্ব ল'ব ৰঞ্জিত ৰঠে । এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে আজি অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল ৰূপায়ন কৰে আটাছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে(AATASU Manav Shrinkhal against OIL's recruitment policy) । অইলৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালক পদত বহিৰাগত লোকৰ নিযুক্তিৰ বিৰোধিতা কৰি সংগঠনটোৱে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

AATASU protest in front of oil india limited
অইলৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালক পদত বহিৰাগত লোকৰ নিযুক্তিৰ বিৰোধিতা
author img

By

Published : Jul 29, 2022, 10:24 PM IST

মৰাণ, 29 জুলাই : অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ৰঞ্জিত ৰঠক । ১ আগষ্টৰ পৰা দায়িত্ব ল'ব ৰঞ্জিত ৰঠে ৷ এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ৰঞ্জিত ৰঠক অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পদত নিযুক্তি দিয়াৰ বিৰোধিতা কৰি শুকুৰবাৰে অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আটাছু ডিব্ৰুগড় জিলা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

অইলৰ অধ‍্যক্ষ তথা পৰিচালন সঞ্চালক পদত বহিৰাগত লোকৰ নিযুক্তিৰ বিৰোধিতা

আটাছু ডিব্ৰুগড় জিলা সমিতিয়ে অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰীসকলে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকৰ দৰে শীৰ্ষ পদত বহিৰাগত লোকৰ নিযুক্তি দিয়াৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা জানিবলৈ দিয়ে(AATASU human chain against OIL's recruitment policy) । তেওঁলোকে লগতে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ পদত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীৰ পৰিবৰ্তে থলুৱা লোকক নিযুক্তিৰ দাবী জনায় ৷

আটাছুৰ ডিব্ৰুগড় জিলা সমিতিয়ে অইলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰায় 2 ঘন্টা ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদস্থলীৰ পৰা আটাছুৰ নেতৃত্বই কয়, অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ পদত ৰাজ্যৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিয়া কথাটো কেতিয়াও মানি লোৱা নহ'ব । অসমৰ সমাজ জীৱনৰ প্ৰতি কোনো জ্ঞান নথকা লোকে অসমৰ সম্পদ অইল ইণ্ডিয়া লিমিটেড পৰিচালনা কৰিব নোৱাৰে । ৰাইজৰ দাবীৰ প্ৰতি সন্মান নজনাই ৰঞ্জিত ৰঠক নিযুক্তি দিলে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ।

লগতে পঢ়ক : Assam Police Modernization : কেন্দ্ৰৰ পুঁজি কৰ্তনত বাধাপ্ৰাপ্ত আৰক্ষী আধুনিকীকৰণ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.