নাহৰকটীয়া, 14 আগষ্ট: ঘোষিত নাহৰকটীয়া মহকুমাৰ যাৱতীয় কাম-কাজ খৰতকীয়া কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ স্মৃতি ভৱনৰ সন্মুখত শুকুৰবাৰে পুৱা 9 বজাৰ পৰা নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা নাহৰকটীয়া বাসী ৰাইজৰ সহযোগত 24 ঘন্টীয়া অনশন কাৰ্যসূচী ।
এই অনশন কাৰ্যসূচীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা নাহৰকটীয়াবাসী ৰাইজ সহ প্ৰায় অৰ্ধশতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷ উপস্থিত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপণ গগৈয়ে কয় যে,আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল নাহৰকটীয়াক মহকুমা হিচাপে ঘোষণা কৰাতো । সেই নিমিত্তে 2016 চনৰ 1 জানুৱাৰীত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাহৰকটীয়াক মহকুমা হিচাপে আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল ৷ কিন্তু আজি পৰ্যন্ত কেৱল মহকুমা ন্যায়ালয়খনৰ বাদে কোনো ধৰণৰ মহকুমা সম্পৰ্কীয় কাম-কাজ আগবঢ়া নাই ৷ গতিকে কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক অনশনস্থলীৰ পৰাই সকীয়নি প্ৰদান কৰে ৷ লগতে অতিশীঘ্ৰে নাহৰকটীয়া মহকুমাৰ কাম-কাজ খৰতকীয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।