ETV Bharat / city

Tejaswita Baruah death: তেজস্বিতা বৰুৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী আম আদমি পাৰ্টীৰ - আম আদমি পাৰ্টীৰ সমন্বয়ক ড৹ ভবেন চৌধুৰী

তেজস্বিতা বৰুৱাৰ অকাল মৃত্যু ( Tejaswita Baruah death) সন্দৰ্ভত আপে সংবাদমেল অনুষ্ঠিত কৰি অক্সিজেনৰ চিলিণ্ডাৰ অবিহনে জিলা চিকিৎসালয় কেনেকৈ পৰিচালিত হৈ আছে তাৰ তদন্তৰ দাবী কৰে দলটোৱে (APP organize press conference) । লগতে এই ঘটনাই পুনৰবাৰ অসমৰ চৰকাৰী চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিয়া বুলি দাবী কৰে দলটোৱে ।

app-organize-press-conference-on-tejaswita-baruah-death-in-guwahati
তেজস্বিতা বৰুৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী আম আদমি পাৰ্টীৰ
author img

By

Published : Oct 6, 2022, 9:25 PM IST

গুৱাহাটী, 6 অক্টোবৰ: বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আম আদমি পাৰ্টীৰ সমন্বয়ক ড৹ ভবেন চৌধুৰীয়ে সংগীত জগতৰ উদীয়মান গায়িকা তেজস্বিতা বৰুৱাই (Tejaswita Baruah death) প্ৰয়োজনীয় চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি (Majuli Tejaswita Baruah Death) লোৱা ঘটনাত দুখ প্ৰকাশ কৰে ৷ লগতে এই ঘটনাই পুনৰবাৰ অসমৰ চৰকাৰী চিকিৎসা খণ্ডৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিয়া বুলি মন্তব্য কৰে সমন্বয়কগৰাকীয়ে (APP organize press conference) ৷

ইয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাঁচ বছৰ প্ৰতিনিধিত্ব কৰা তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে বিশেষ মর্যাদা দিয়া মাজুলীৰ গড়মূৰ জিলা চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰৰ অভাৱৰ ঘটনাৰ এই সংবাদমেলযোগে তদন্তৰ দাবী উত্থাপন কৰে সমন্বয়কগৰাকীয়ে ।

তেওঁ লগতে কয়," গড়মূৰস্থিত জিলা চিকিৎসালয়খনত কিমান দিনৰ পৰা অক্সিজেন চিলিণ্ডাৰ নাছিল আৰু কিয় জীৱনদায়িনী চিকিৎসা সামগ্ৰীবিধ মজুত ৰখা হোৱা নাছিল, তাৰ উচিত তদন্ত হ’ব লাগে (AAP demands probe into Tejaswita death) ।

তেজস্বিতা বৰুৱা মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী আম আদমি পাৰ্টীৰ

তাৰোপৰি নিৰ্বাচনৰ পূৰ্বে বৰালী মাছেৰে কিশোৰ-কিশোৰীৰ লগত ভাত খাই জনপ্ৰিয় হোৱাতকৈ মাজুলীৰ চিকিৎসালয়কেইখনত উন্নত চিকিৎসা সেৱা উপলব্ধ কৰোৱাই তেজস্বিতাৰ দৰে কিশোৰীৰ জীৱন ৰক্ষা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদর্শ দাঙি ধৰিব পাৰিলেহেঁতেন বুলি মুখ্যমন্ত্ৰীক কঠোৰভাৱে সমালোচনা কৰে সমন্বয়কগৰাকীয়ে ৷

যি সময়ত বিশ্বৰ চিকিৎসা বিজ্ঞানে সফলতাৰ উচ্চতম শিখৰত উপনীত হৈছে সেই সময়ত মাজুলীবাসীয়ে ন্যূনতম চিকিৎসা সেৱাৰ বাবে চৰকাৰৰ ওচৰত দাবী কৰিবলগীয়া হোৱা ঘটনাই হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব থকা সময়ছোৱাৰ বিফলতাক প্ৰতিপন্ন কৰা বুলি উল্লেখ কৰে সমন্বয়কগৰাকীয়ে ৷

লগতে পঢ়ক: তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.