ETV Bharat / city

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা - মুখাশিল্পী বেনিমাধৱ বৰা

চৰকাৰী সকলো আঁচনিৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা ৷ বেনিমাধৱ বৰাৰ মুখা আৰু বেতশিল্পই সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা

author img

By

Published : Nov 3, 2020, 12:30 PM IST

মৰাণ, 3 নৱেম্বৰ : অসমীয়া সংস্কৃতিৰ অনবদ্য উপাদান হ'ল ভাওনা সংস্কৃতি । গুৰুজনাই লিখি থৈ যোৱা এই সংস্কৃতিৰ দ্বাৰা জনসমাজত আধ্যাত্মিকতাৰ প্ৰতিফলন ঘটে । ভাওনা,ৰাস আদিৰ অনবদ্য অংগ হ'ল মুখা । এই মুখাৰ দ্বাৰা ভাওনাসমূহত নৰসিংহ, বৰাহ আদিৰ চৰিত্ৰ সমূহৰ ৰূপ দিয়া হয় । এনেধৰণৰ আপুৰুগীয়া সংস্কৃতিৰ লগত ডিব্ৰুগড় খোৱাং ভগামুৰৰ বেনিমাধৱ বৰাই 1990 চনৰ পৰাই জড়িত হৈ আজিও সেই কাম অক্ষুন্ন ৰাখিছে । বেনিমাধৱ বৰাৰ মুখা আৰু বেতশিল্পই সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম মুখাশিল্পী বেনিমাধৱ বৰা

যিসময়ত চৰকাৰে দিব্যাংগসকলৰ বাবে বিভিন্ন আচঁনি ঘোষণা কৰি ফুলজাৰি মৰা দেখা যায় কিন্তু তেনে সময়তো বেনিমাধৱ বৰাৰ দৰে অভিজ্ঞতাসম্পন্ন বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ওপৰত চৰকাৰ তথা জনপ্ৰতিনিধিৰ চকু নপৰিল । মুখাশিল্পী জনৰ দুয়োখন ভৰিয়ে অকামিলা । বিশেষভাৱে সক্ষম বেনিমাধৱ বৰাই আজিও পৰিয়াল পোহপাল দিবলগীয়া হৈছে চাইকেল মেৰামতি কৰি । এনে ব্যক্তিসকলৰ বাবে চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক : দহখন ৰাজ্যৰ 54টা সমষ্টিত অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.