মৰাণ, 22 মে' : সংবাদ জগত, সমাজ সেৱা, ৰাজনীতিৰ জৰিয়তে আজীৱন সমগ্ৰ অসমত নিজৰ চিন্তা শক্তিৰ পৰিচয় দি যোৱা ব্যক্তি আছিল জন নেতা সাংবাদিক কেদাৰনাথ গোস্বামী । ১৯৬৪ চনৰ ২২ মে' তাৰিখে মৃত্যু হোৱা বিশিষ্ট সাংবাদিক জনৰ শনিবাৰে ৫৭ সংখ্যক মৃত্যু তিথি । ক’ভিডৰ ভয়াৱহতাৰ বাবে মৰাণ প্ৰেছ ক্লাৱে অনুষ্টুপীয়াকৈ সাংবাদিক কেদাৰনাথ গোস্বামীৰ ৫৭ সংখ্যক মৃত্যু তিথি পালন কৰে ।
মৰাণৰ জ্যোতিপুৰত থকা সাংবাদিক জনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ কৰি মৰাণ প্ৰেছ ক্লাৱে সাংবাদিক জনৰ কৰ্ম জীৱনক স্মৰণ কৰে । মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক কৰুনা ফুকনে আঁতধৰে ৫৭ সংখ্যক মৃত্যু তিথি অনুষ্ঠানটোৰ ৷
অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী আৰু মৰাণৰ ব্যৱসায় সন্থাৰ সভাপতি ময়ূৰ বৰুৱাৰ লগতে গোস্বামী দেৱৰ তুলনীয়া পুত্ৰ হৰেশ্বৰ কটকী আৰু প্ৰেছ ক্লাৱৰ বিষয়া সদস্য সকল উপস্থিত থাকে ৷
অনুষ্টুপীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানতেই সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে প্ৰয়াত গোস্বামীৰ আদৰ্শ আৰু কৰ্মজীৱনৰ বিষয়ে কৈ সকলোকে উৎসাহিত কৰি সাংবাদিক জনক স্মৰণ কৰে । অনুষ্ঠানতেই মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক কৰুনা ফুকনে সকলোকে কেদাৰনাথ গোস্বামীৰ দৰে আদৰ্শৰে অনাগত দিনত আগবাঢ়ি যাবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : হিৰণ্য শইকীয়াক ফোন কৰি কি ক’লে পৰেশ বৰুৱাই: ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ