ETV Bharat / city

অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি ! - অসম চিকিৎসা মহাবিদ্যালয়

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শেহতীয়া তথ্য অনুসৰি বিগত 24 ঘন্টাত 4 জন ৰোগী কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷

4 persons died in last 24 hours at AMCH Dibrugarh
অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি !
author img

By

Published : May 5, 2021, 9:30 AM IST

ডিব্ৰুগড়, 5 মে': সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাতো ভয়ংকৰ হৈছে ক'ভিড পৰিস্থিতি ৷ ইফালে প্ৰত্যেক দিনে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি সৃষ্টি হৈছে । বিগত 24 ঘন্টাত চিকিৎসালয় খনত কৰণাত আক্ৰান্ত হৈ 4 গৰাকী লোকৰ মৃত্যু হৈছে । মঙলবাৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰিছে এই তথ্য ৷

অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ ভয়াবহ পৰিস্থিতি !

ইফালে মঙলবাৰে দিনটোতে চিকিৎসালয় খনত আইচ’লেশ্বন ৱাৰ্ডত ৯১ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰে ৯১ জন ৰোগীৰ ভিতৰত ৩৭ জন ৰোগীয়ে অক্সিজেন লৈ আছে । ৬৫ জন ৰোগী আই চি ইউত ভৰ্তি হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

তাৰোপৰি, কৰ'ণাত আক্ৰান্ত ৬৫ গৰাকী লোকৰ ভিতৰত ২৩ জন ৰোগী চিকিৎসালয় খনৰ ভেন্টিলেছনত আছে । ৫ জন ৰোগী সংকটজনক অৱস্থাত মেকানিকেল ভেন্টিলেছনত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে চিকিৎসা মহাবিদ্যালয়খনত বৰ্তমানলৈকে ক'ভিডত আক্ৰান্ত হৈ ১৫৬ জন ৰোগী চিকিৎসাধীন হৈ আছে ।

বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত আই চি ইউ ৭০ খন বিচনা আছে । আনহাতে, ক'ভিডৰ শেহতীয়া পৰিৱেশৰ বাবে সাধাৰণ বিচনা 2500 লৈ বৃদ্ধি কৰাৰ কথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

লগতে পঢ়ক-নিৰ্বাচনী পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.