মৰাণ, 14 অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ উলাহৰ মাজতে ডিব্ৰুগড়ৰ চাবুৱাত অগপৰ 37 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । চাবুৱা সমষ্টি ভিত্তিত উদযাপন কৰা উক্ত অনুষ্ঠান আয়োজন কৰে অগপৰ চাবুৱা বিধান পৰিষদ আৰু চাবুৱা নগৰ পৰিষদে । পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে আৰম্ভণি হয় অনুষ্ঠানৰ ।
চাবুৱাৰ মনোৰঞ্জন বৰুৱাৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহুসংখ্যক অগপ কৰ্মীয়ে অংশ লয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশত গ্ৰহণ কৰে চাবুৱাৰ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱাই । বিধায়কজনে কয়, এই দিনটোত দলৰ প্ৰতিজন কৰ্মীয়েই অসম খনক সুৰক্ষিত কৰাৰ স্বাৰ্থত সংকল্প লৈছে ।
আনহাতে নৱমী পূজাত বুলেট চলাই পূজা চোৱা পৰিলক্ষিত হয় বিধায়কজনক । বিধায়কজনে দলীয় কৰ্মী সকলক লগত লৈ এইদৰে পূজা উপভোগ কৰা পৰিলক্ষিত হয় ।