ধুবুৰী, 13 এপ্ৰিল : ধুবুৰী জিলাৰ তৃতীয় জন COVID-১৯ ত আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে । পূৰ্বে ধুবুৰী জিলাৰ দুজনকৈ ব্যক্তি আক্ৰান্ত হোৱাৰ পিচত সোমবাৰে আন এজনৰ দোহতো পোৱা গ'ল কৰ'ণা ভাইৰাছ । ঝগৰাপাৰ তৃতীয় খণ্ড গাঁৱৰ ৩৫ বছৰীয়া এজন যুৱক ব্যৱসায় সূত্ৰে যোৱা ১৭ মাৰ্চত দিল্লীলৈ গৈছিল । তাৰ পৰা ২১ মাৰ্চত ঘৰলৈ উভতি আহিছিল যুৱকজন । তাৰ পিচৰ পৰাই হোম কোৱাৰেণ্টাইন হৈ থকা যুৱকজনে যোৱা ৭ এপ্ৰিলত অসুস্থ অনুভৱ কৰাত ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে ৷ চিকিৎসকে তেওঁক চিকিৎসালয়ৰ আইচলেছন ৱাৰ্ডত ৰাখে ৷
৯ এপ্ৰিলত তেওঁৰ নমুনা বৰপেটা মেডিকেল কলেজৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। পৰীক্ষাৰ অন্তত যুৱক জনৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰাত সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ঘোষণা কৰে । ইতিমধ্যে যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰমোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ এই ঘটনাই সমগ্ৰ ধুবুৰীত সৃষ্টি কৰিছে চাঞ্চল্যৰ। আক্ৰান্ত হোৱা যুৱকজনৰ সংস্পৰ্শলৈ আৰু কোন কোন আহিব সেই বিষয়ে অনুসন্ধান চলাইছে জিলা প্ৰশাসনে।
সাহানুৰ ইছলাম, ধুবুৰী।।Byte:- অংকুৰ ভঁৰালী, অতিৰিক্ত উপায়ুক্ত, ধুবুৰী।।