ETV Bharat / city

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত উত্তেজনা - বিন্নাচৰা আৰু বালাডবা অঞ্চল

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ অস্থায়ী কটাতাৰৰ বেৰক লৈ উত্তেজিত সীমান্তবাসী ভাৰতীয় লোক । সীমান্তৰ পৰা প্ৰায় ডেৰ দুই কিলোমিটাৰ ভিতৰৰ গাঁও অঞ্চলত সোমাই গংগাধৰ নৈৰ পাৰে পাৰে বি এছ এফে দিছে কাইঁটীয়া তাঁৰৰ বেৰ । সীমান্তবাসীৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ বি এছ এফৰ বিৰুদ্ধে ।

tence situation in indo-bangla border
ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত উত্তেজনা
author img

By

Published : Jun 14, 2021, 9:53 PM IST

Updated : Jun 15, 2021, 9:34 AM IST

ধুবুৰী, 14 জুন : ভাৰত-বাংলা সীমান্তত বিএছ এফে অস্থায়ী কাইঁটীয়া তাঁৰৰ বেৰ দিয়াত বিন্নাচৰা আৰু বালাডবা গাঁৱৰ মাজত সৃষ্টি হৈছে এক চেপা উত্তেজনাৰ ৷ জানিব পৰা মতে, অঞ্চলটোৰ ভাৰত-বাংলা সীমান্তত থকা কাইঁটীয়া তাঁৰৰ বহু অংশ নৈৰ বুকুত উটি যোৱাৰ ফলত উন্মুক্ত হৈ পৰিছে এই ভূমিখণ্ড ।

তেনে সময়তে ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ বিন্নাচৰা আৰু বালাডবা গাঁৱৰ মাজত সোমাই গংগাধৰ নৈৰ পাৰে পাৰে বৃহৎ অংশ বি এছ এফে অস্থায়ী বেৰ দিয়াত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত উত্তেজনা

উন্মুক্ত সীমান্তৰ বাবে গংগাধৰ নৈৰ পাৰে পাৰে অস্থায়ীভাৱে কাইঁটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰি সীমান্ত অঞ্চলত চোৰাং ব্যৱসায় আৰু অপৰাধজনিত ঘটনা ৰোধ কৰাৰ প্ৰয়াস কৰিব বিচাৰিছে বি এছ এফে । কিন্তু এইখিনিতে লক্ষণীয় বিষয় যে, এই অস্থায়ী কাইঁটীয়া তাঁৰৰ সিপাৰে ভাৰতীয় এলেকাৰ নদীত গা-ধোৱা, পানী সংগ্ৰহ কৰা বা সিপাৰে থকা খেতিত কাম কৰিবলৈ যাওঁতে বি এছ এফৰ অনুমতিৰ প্ৰয়োজন হ’ব বুলি জানিব পৰা গৈছে ।

আনকি এটা সময়ত বাংলাদেশীয়ে উন্মুক্ত সীমান্তৰে আহি ভাৰতীয় কৃষকৰ কৃষিভূমি দখল কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এনে ধৰণৰ অভিযোগ উত্থাপন কৰি এক প্ৰকাৰ উত্তেজিত হৈ পৰিছে বিন্নাচৰা আৰু বালাডবা অঞ্চলৰ ৰাইজ ।

অৱশ্যে বি এছ এফে অস্থায়ীভাৱেহে কাইঁটীয়া তাঁৰৰ বেৰ নিৰ্মাণ কৰা বুলি মন্তব্য কৰিছে ৷ যদিও স্থানীয় ৰাইজৰ সৈতে বি এছ এফে এই সন্দৰ্ভত কোনো আলোচনা কৰা নাই বুলি জানিব দিয়ে । যাৰ বাবে ৰাইজৰ মাজত বিভিন্ন শংকা দেখা দিয়াৰ সমান্তৰালকৈ ক্ষোভিত হৈ পৰিছে সীমান্তবাসী ভাৰতীয় লোকসকল ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত বিন্নাচৰা বালাডবা অঞ্চলৰ গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ যোগেদি বিচাৰিছে চৰকাৰৰ হস্তক্ষেপ ৷

লগতে পঢ়ক : নৌকা যাত্ৰাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

Last Updated : Jun 15, 2021, 9:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.