ETV Bharat / city

ৰঙালী বিহু উদযাপন উপলক্ষে বিলাসীপাৰাত সাংস্কৃতিক শোভাযাত্ৰা

ৰাজ্যত এতিয়া ৰঙালীৰ আনন্দ ৷ সোমবাৰে ৰঙালী বিহু উদযাপন উপলক্ষে বিলাসীপাৰাত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা (Rongali bihu celebration at Bilasipara) ৷ এই সাংস্কৃতিক শোভাযাত্ৰাত পূৱ বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদাই অংশ লয় ৷

author img

By

Published : Apr 18, 2022, 5:27 PM IST

rongali-bihu-celebration-at-bilasipara
ৰঙালী বিহু উদযাপন উপলক্ষে বিলাসীপাৰাত সাংস্কৃতিক শোভাযাত্ৰা

বিলাসীপাৰা, 18 এপ্ৰিল : ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ আনন্দ (Rongali Bihu 2022) ৷ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে ৷ চৌদিশে বাজি উঠিছে ঢোল-পেঁপা-গগণাৰ শব্দ (Assamese bihu Festival) ৷ সোমবাৰে ৰঙালী বিহু উদযাপন উপলক্ষে বিলাসীপাৰাত উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা (Rongali bihu celebration at Bilasipara) ৷

ৰোকাখাতা বানিয়াপাৰা ইয়ং ক্লাৱৰ সৌজন্যত ৩৬ তম ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত এই শোভাযাত্ৰা উলিওৱা হয় ৷ বানিয়াপাৰাৰ পৰা উলিওৱা এই শোভাযাত্ৰা বিলাসীপাৰাৰ সদৰ চহৰ গান্ধী চক’ত সমাপ্ত হয় ৷ এই সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি আৰু সংস্কৃতিক অতি সুন্দৰ ভাৱে প্ৰদৰ্শন কৰা হয় ৷

এই সাংস্কৃতিক শোভাযাত্ৰাত পূৱ বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদাই (MLA Samsul Huda) অংশ গ্ৰহণ কৰি কয় যে, এই সাংস্কৃতিক শোভাযাত্ৰাই নিশ্চিতভাৱে বিলাসীপাৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত মিলা-প্ৰীতি বহু গুণে বৃদ্ধি কৰিব ।

লগতে পঢ়ক : Guwahati Latasil Bihu Sanmilan: শিৱসাগৰৰ শতাব্দী কলিতালৈ ঐতিহাসিক লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.