ধুবুৰী, 10 ছেপ্তেম্বৰ : ধুবুৰী ৰাজীৱ ভৱনত বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে ধুবুৰী জিলা যুৱ কংগ্ৰেছে । জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সহ একাংশ যুৱ কংগ্ৰেছীৰ উপস্থিতিত সভাপতি আলতাপ হুছেইন মণ্ডলে অনুষ্ঠিত কৰা সংবাদমেলত কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক বিভিন্ন দিশ সামৰি ক্ষুৰধাৰ সমালোচনা কৰা হয় ।
সৰ্বভাৰতীয় আৰু ৰাজ্যিক যুৱ কংগ্ৰেছৰ নিৰ্দেশনা অনুসৰি সংবাদমেল অনুষ্ঠিত কৰি নিবনুৱাক সংস্থাপনৰ লগতে কৰ’ণা মহামাৰীৰ বাবে কৰ্ম সংস্থাপন হেৰুওৱা সকলক শীঘ্ৰেই কৰ্ম সংস্থাপন দিয়াৰ দাবী উত্থাপন কৰে যুৱ কংগ্ৰেছে ।
ইপিনে নিৰ্বাচনৰ পূৰ্বে লাখ লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে নিবনুৱাক সংস্থাপন দিয়াত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে জিলা যুৱ কংগ্ৰেছে । আনহাতে কৰ্ম সংস্থাপন নিদিয়াকৈ ওলোটাই চৰকাৰে কৰ্ম সংস্থাপনহীন কৰাৰ পৰিকল্পনা ৰচিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে কৰ’ণা মহামাৰীৰ বাবে বিভিন্ন দেশ বিদেশৰ পৰা কৰ্মহীন হৈ গৃহ ৰাজ্যলৈ উভতি যোৱা নিবনুৱা সকলক মাহেকত ছয় হাজাৰ টকাকৈ আদায় দিবলৈ দাবী উত্থাপন কৰে জিলা যুৱ কংগ্ৰেছে ।
উল্লেখ্য যে,সংবাদমেলৰ জৰিয়তে ধুবুৰী জিলা যুৱ কংগ্ৰেছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক কৰ্ম সংস্থাপনৰ বিভিন্ন দিশ সামৰি তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ।
লগতে চাওক-বিলাসীপাৰাৰ ৰৌশনাৰা বেগমৰ বিৰুদ্ধে ক্ষোভ কিয় ৰাইজৰ ?