ETV Bharat / city

দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু - গৰুৰ চোৰাং ৰমৰমীয়া বেহা

দক্ষিণ শালমাৰাত জব্দ চোৰাং গৰু । গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী । বাংলাদেশলৈ চোৰাং ভাৱে চালান দিয়াৰ সময়তে নদী পথত আৰক্ষীৰ অভিযান ।

দক্ষিণ শালমাৰাত আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু

author img

By

Published : Aug 8, 2020, 7:31 PM IST

ধুবুৰী, 8 আগষ্ট: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ দক্ষিণ শালমাৰা মানকাচৰ জিলা সীমান্তই দি অব্যাহত আছে গৰুৰ চোৰাং কাৰবাৰ । শনিবাৰে নদী পথত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই 44 টাকৈ চোৰাং গৰু সহ তিনিজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

দক্ষিণ শালমাৰাত জব্দ চোৰাং গৰু
দক্ষিণ শালমাৰাত জব্দ চোৰাং গৰু

দীৰ্ঘদিন ধৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলা সীমান্তই দি বাংলাদেশলৈ অবাধে চলাই থকা হৈছে গৰুৰ চোৰাং সৰবৰাহ । দক্ষিণ শালমাৰাৰ বিভিন্ন পাৰঘাটৰ পৰা গৰু সমূহ নাঁওত উঠাই লৈ যোৱা হয় সীমান্ত অঞ্চললৈ । তাৰ পিছতেই উন্মুক্ত নদী পথেৰে চালান দিয়া হয় বাংলাদেশলৈ ।

গ্ৰেপ্তাৰ তিনি গৰু সৰবৰাহকাৰী
গ্ৰেপ্তাৰ তিনি গৰু সৰবৰাহকাৰী

শনিবাৰে দক্ষিণ শালমাৰা আৰক্ষীয়ে এনে এক গোপন সূএৰ পম খেদি দক্ষিণ শালমাৰা সমষ্টিৰ বাবাডোবা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটৰ পৰা 44 টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ লগতে তিনিজন গৰুৰ চোৰাং সৰবৰাহকাৰী ক্ৰমে মজিবৰ ৰহমান, হাবিল উদ্দিন আৰু আজাদ আলীক গ্ৰেপ্তাৰ কৰে । ধৃত গৰুৰ চোৰাং সৰবৰাহকাৰী কেইজন দক্ষিণ শালমাৰা সমষ্টিৰ পোৰাৰচৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । এতিয়াও দক্ষিণ শালমাৰা আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷

লগতে চাওক-বাংলাদেশী তুষ্টিকৰণত অতিকে সক্ৰিয় সোণোৱাল : উপমন্যু হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.